আজি সন্ধিয়া সম্প্ৰসাৰণ হ’ব মোদীৰ মন্ত্ৰীসভা। ৰাষ্ট্রপতি ভৱনত সন্ধিয়া ৬ বজাত হ’ব শপতগ্ৰহণ৷মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ উপৰিও জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ নাৰায়ন ৰানে অন্তভুক্ত হোৱাৰ সম্ভাবনা আছে ।
বৰ্তমান সময়ত মোদী কেবিনেটত ৫২ জন সদস্য আছে , নিয়ম অনুসৰি ৮১ জনলৈ বৃদ্ধি কৰিব পাৰিব কেবিনেটৰ সদস্যৰ সংখ্যা । জনতা ইউনাইটেডৰ লালন সিং আৰু আৰ চি পি সিঙৰ লগতে পশ্চিমবংগৰ শান্তনু ঠাকুৰ, মহাৰাষ্ট্ৰৰ হিনা গাভিট মণিপুৰৰ আৰ কে ৰঞ্জন সিং মন্ত্ৰীসভাত অন্তভুক্ত হোৱাৰ সম্ভাবনা আছে ।
আজি বিয়লি ভাগত দিল্লীলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।কেবিনেটৰ বৈঠকৰ পাছতে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকী।উল্লেখযোগ্য যে,মোদীৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত থাকিব মাথো ১২০জন লোক৷
এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।দিল্লীৰ ভ্ৰমণসূচীৰ বাবে ছাত্ৰ সংগঠনৰ সৈতে থকা বৈঠক বাতিল কৰিছে শৰ্মাই।
লগতে পঢ়ক ৯৮ বছৰ বয়সত হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান