গুৱাহাটী : সুদীৰ্ঘ পাঁচ বছৰত কৈ অধিক সময়ৰ পাছত কইনাধৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ শেষত ২০১৬ চনৰ ২০ মে’ত কইনাধৰাত অনুষ্ঠিত হৈছিল অন্তিমখন বৈঠক৷ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অধিকাংশ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল জনতা ভৱন কিম্বা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত৷
বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো অধিকাংশ কেবিনেট বৈঠক জনতা ভৱনত অনুষ্ঠিত কৰিছে৷ কিন্তু বৃহস্পতিবাৰে তেঁওৰ কাৰ্যকালত প্ৰথমবাৰলৈ কইনাধৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক৷ উল্লেখ্য যে হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ প্ৰথম ১৯ খন কেবিনেট জনতা ভৱনত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২০ নং কেবিনেটখন কইনাধৰাত অনুষ্ঠিত কৰে।
কইনাধৰাত অনুষ্ঠিত হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সলনি কৰা হয়। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ কৰা হয় কেবিনেট বৈঠকত। এতিয়াৰে পৰা কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে জনা যাব ৰাষ্ট্ৰীয় উদ্যানখন।
কেবিনেট বৈঠকত অসমৰ মহিলা বক্সিং খেলুৱৈ যমুনা বড়ো আৰু আৰ্চৰ সঞ্জয় বড়োলৈ অবকাৰী বিভাগৰ অধীক্ষক পদ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিলচৰ মেডিকেল কলেজৰ নিউৰ’ চার্জন হিচাপে নিযুক্তি দিয়া হয় সম্বোদৰ ধৰক।
বৈঠকত ক’ভিডৰ বাবে ৬৬০ কোটি টকাৰ অনুমোদন দিয়া হয়। লগতে ক’ভিডত মৃত্যু মুখত পৰা ব্যক্তিৰ ক্ষেত্ৰত তিনিখনকৈ আঁচনি ঘোষণা কৰা হয় বৈঠকত।ক’ভিডত পিতৃ-মাতৃৰ মৃত্যু হোৱা শিশুৰ নামত ৭.৫ লাখ টকাৰ ফিক্স ডিপজিট কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয় বৈঠকত।
লগতে পঢ়ক : নিৰ্বাচনী কাঠামোৰ আধাৰত ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব কামৰূপত
ক’ভিডত স্বামী হাৰা হোৱা মহিলাক ১ লাখ টকা। ক’ভিডত মৃত্যু হোৱা লোকৰ বাবে নতুন আঁচনি ‘প্ৰাৰ্থনা’ ঘোষণা কৰা হয়।এই আচঁনিৰ অধিনত প্ৰায় ৬০০০ লোক আহিব। ক’ভিডত মৃত্যু হোৱা দুখীয়া লোকৰ নিকততম আত্মীয়ক ১ লাখ টকাৰ এক কালিন সাহায্য প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত।