নিউজ ডেস্কঃ বুধবাৰে বিধানসভা বাজেট অধিবেশনৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
আজিৰ এই কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ ক্ৰমে-
কেবিনেট বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষিত কৰাৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭টা অঞ্চলক ইক’ ছেনছেটিভ জ’ন হিচাপে ঘোষণা কৰা হয়।
এই সংৰক্ষিত অঞ্চল কেইটা হ’ল- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান টাইগৰ ৰিজাৰ্ভ, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, নামবৰ দৈগুৰুং অভয়াৰণ্য, পূব কাৰ্বি আংলং অভয়াৰণ্য আৰু উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য।
তদুপৰি, আন ১১ টা অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে আৰু ৯টা এনিমেল কৰিডৰ ঘোষণা কৰে এই সংবাদমেলত। আনহাতে, ৰাজ্যৰ দুটা কাগজ কলৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ই-নিলাম যোগে কাছাৰ কাগজ কল আৰু জাগীৰোডৰ নগাঁও কাগজ কল ৩৭৫ কোটি টকাত ক্ৰয়ৰ সিদ্ধান্ত উদ্যোগ বিভাগৰ৷ ইয়াৰ বাবে বাজেটত ধন আৱণ্টনৰ অনুমতি আজি কেবিনেট বৈঠকত প্ৰদান কৰা হয়।