নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ ২৩ মে’ত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰে ভিতৰত ৰাষ্ট্রীয় শিক্ষানীতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বৈঠকত।

যোৱাকালি অনুষ্ঠিত এই বৈঠকত সকলো স্নাতক-স্নাতকোত্তৰ প্ৰগ্ৰেম, যেনে- বিএ, বিএছচি, এমএ, এমএছচি, বিচিএ, বিবিএ ইত্যাদি বা ৩+২ৰ বৰ্তমান আৰ্হিৰ অন্য কোনো অনুৰূপ পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য বা যিকোনো সংহত আৰ্হিৰ বাবে প্ৰযোজ্য।

এই সন্দৰ্ভত মূল নিৰ্দেশসমূহ হৈছে- ৰাষ্ট্ৰীয় শিক্ষা আঁচনিৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ চিবিচিএছ পুনৰীক্ষণ আৰু শাখা, পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ, বৃত্তিমূলক আৰু শৈক্ষিক ক্ষেত্ৰত কোনো কঠিন পৃথকীকৰণ নহয়।

পৰিকাঠামোঃ (১) ৩ বা ৪ বছৰৰ সময়সীমাৰ স্নাতক ডিগ্ৰী পাঠ্যক্ৰম (একাধিক নামভৰ্তি, আংশিক পাঠ্যক্ৰম, পুনৰ নামভৰ্তি আদি বিকল্পৰ সৈতে, (২) ১ বছৰ (২ ষান্মাসিক) সম্পূৰ্ণ কৰাৰ পাছত এখন প্ৰমাণপত্ৰ, (৩) ২ বছৰৰ পাছত (৪ ষান্মাসিক) ডিপ্লমা, (৪)৩ বছৰীয়া পাঠ্যক্ৰমৰ পাছত স্নাতক ডিগ্ৰী (৬ ষান্মাসিক), (৫)জটিল গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰা শিক্ষাৰ্থীয়ে ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত গৱেষণাৰ সৈতে স্নাতক ডিগ্ৰী।

৩ বছৰত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা সকলৰ বাবে ১ বছৰ পাঠ্যক্ৰমৰ পাছত নিৰ্দিষ্ট শাখাত স্নাতকোত্তৰ ডিপ্লমা স্নাতকোত্তৰ ডিগ্ৰী প্ৰগ্ৰেমৰ ডিজাইন/সময়সীমাৰ ক্ষেত্ৰত নমনীয়তা- (১) ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম, য’ত দ্বিতীয় বৰ্ষটি গৱেষণাৰ বাবে নিবেদিত (৩ বছৰীয়া স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে), (২) ৪ বছৰীয়া স্নাতক ডিগ্ৰী প্ৰগ্ৰেম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ১ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply