নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় যায়। কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে যে, ডিব্ৰুগড়ত ৰাজ্যখনৰ দ্বিতীয়টো মুখ্যমন্ত্ৰী কাৰ্যালয় নিৰ্মাণৰ হোৱাৰ লগতে তেজপুৰত নতুনকৈ ৰাজভৱন স্থাপন কৰা হ’ব। 

যিহেতু বৰ্তমান এক্সচেঞ্জ অফিচৰ সকলো কাম অনলাইন যোগে সম্পন হয় সেইবাবে  জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ কাৰ্যালয় সমূহ জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ সলনি কৰা সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে জনাই ।  

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, বৰ্তমানৰ ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত থকা খেলপথাৰখনক ৰাজ্যিক পুলিচ ক্ৰীড়া কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হ’ব। 

উল্লেখ্যযোগ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেট বৈঠকৰ পিছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰা সন্মুখত নতুনকৈ নিৰ্মাণ হোৱা ফুট অভাৰব্ৰীজ খন বিয়লি উদ্ধোধন কৰাৰ লগতে নিশা বৈৰাগীমঠস্থিত টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰিব।     

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply