নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে কইনাধৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই কেবিনেট বৈঠক অন্ত পৰাৰ পাছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে জনায়।

সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়- আজি কেবিনেটত ১৩খন নতুন মডেল স্কুলত অনুমোদন জনোৱা হৈছে। মুঠ ৬৫গৰাকী শিক্ষকক নিযুক্তি দিয়া হ’ব। ২৫খন মডেল স্কুলত পূৰ্বৰে পৰা চলি আছে পাঠদান। তদুপৰি চাহ বাগিচাৰ ৯৭খন হাইস্কুলত এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হ’ব।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ সন্দৰ্ভত সংবাদমেলত লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে- এতিয়াৰ পৰা সহজলভ্য হ’ব জাতিগত প্ৰমাণপত্ৰ। পিতৃ-মাতৃৰ প্রমাণ পত্র থাকিলে সন্তানে পোনপটীয়াকৈ লাভ কৰিব এই প্রমাণ পত্র। যিসকলৰ নাথাকে তেওঁলোকে ৪৫ দিনৰ ভিতৰত পাব। নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল জিলা প্রশাসনে বিদ্যালয়তে দিব প্রমাণ পত্র দিব। শৰণীয়া কছাৰীসকলে শৰণীয়া কছাৰী হিচাপেই জাতিগত প্রমাণ পত্র লাভ কৰিব। আগতে কেৱল কছাৰী বুলি প্রমাণ পত্র লাভ কৰিছিল।

১৭০ কোটি ১৫ লাখ টকা নবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ এই কেবিনেট বৈঠকত। তদুপৰি তিনিখন গ্রাম্য দলং আৰু পথ নিৰ্মাণৰ বাবে লোৱা হ’ব এই ঋণ। লগতে তেওঁ জনাই যে ভূগৰ্ভৰ পানীক লৈও কঠোৰ হ’ব ৰাজ্য চৰকাৰ। খোৱাপানীৰ ক্ষেত্ৰত গাওঁ আৰু চহৰ এলেকাত পৃথক পৃথক নিয়ম হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply