নিউজ ডেস্ক: ডিব্ৰুগড়ত ৩০ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। মুখ্যমন্ত্ৰী  শৰ্মাই কয় যে,কেবিনেটে উপায়ুক্ত কাৰ্যালয়ৰ কেইটামান পদৰ পুনঃনামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সিদ্ধান্ত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সংঘৰ অব্যাহত থকা দাবীৰ ভিত্তিত গ্ৰহণ কৰা হৈছে বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এই নামাকৰণ পৰিৱৰ্তন কৰাৰ প্ৰধান উদ্দেশ্য হৈছে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলক সাধাৰণ চৰকাৰী কৰ্মচাৰীৰ পৰা পৃথকীকৰণ কৰা। 

উল্লেখযোগ্য যে, এই সিদ্ধান্ত হাতত লোৱাৰ পূৰ্বে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলক কনিষ্ঠ সহায়ক, জেষ্ঠ সহায়ক, মুৰব্বী সহায়ক আৰু তত্বাৱধায়ক মুৰব্বী সহায়ক ৰূপে নামাকৰণ কৰা হৈছিল।

বৰ্তমান জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলক কনিষ্ঠ জিলা সহায়ক, জ্যেষ্ঠ জিলা সহায়ক, জিলা প্ৰশাসনিক মুৰব্বী সহায়ক আৰু জিলা তত্বাৱধায়ক মুৰব্বী সহায়ক হিচাপে পুনঃনামাকৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply