নিউজ ডেস্কঃ ৰাজ্যিক কেবিনেট বৈঠকত আজি গ্ৰহণ কৰা হয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় আজিৰ এই কেবিনেট বৈঠকখন।
আজিৰ এই বৈঠকত ফেৰী সেৱা, শিক্ষা, বিদ্যুৎকে ধৰি বহু কেইটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে- কামাখ্যাৰ পৰা অশ্বক্লান্তলৈ চলিব ফেৰী। সাগৰমালা আঁচনিৰ অধীনত তীৰ্থক্ষেত্ৰসমূহলৈ চলিব ফেৰী সেৱা।
ঠিক একেদৰে অশ্বক্লান্তৰ পৰা উমানন্দলৈ, উমানন্দৰ পৰা দৌল গৌবিন্দলৈ চলিব ফেৰী সেৱা। গুৱাহাটীৰ ৫ গুৱাহাটীৰ ৫ তীৰ্থক্ষেত্রলৈ আৰম্ভ হ’ব এই ফেৰী সেৱা।
ইফালে, দক্ষতা বিকাশৰ ক্ষেত্রতো হ’ব বিশেষ ব’ৰ্ড। অষ্টম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিলে HSLCৰ সমমৰ্যাদা পাব। লগতে HSLC উত্তীৰ্ণসকলে কাৰিকৰী শিক্ষা ল’লে HSৰ সমমৰ্যাদা পাব।
আগন্তুক দুমাহৰ ভিতৰত গঠন কৰা হ’ব দক্ষতা বিকাশ ব’ৰ্ড। আনহাতে, ৪৪ লাখ লোকৰ ঘৰত সংস্থাপিত হ’ব ডিজিটেল মিটাৰ। ইয়াৰ বাবে প্রয়োজন হ’ব ৫ হাজাৰ টেকনেচিয়ান আৰু কেবিনেটে অনুমোদন প্ৰদান কৰিছে ৪,৬৬২ কোটি টকা ব্যয়ৰ বাবে।
উল্লেখ্য যে, কেবিনেট আজি সিদ্ধান্ত লয় যে বৰছলাত নিৰ্মাণ হ’ব ৫০ মেগাৱাটৰ সৌৰ পাৰ্ক। লগতে জোখ-মাখ বিভাগক খাদ্য, যোগান বিভাগৰ লগত চামিল কৰা হ’ব।