সৰ্বানন্দ সোণোৱাল আৰু কিৰেন ৰিজিজুৰ শপতগ্ৰহণ

নিউজ ডেস্ক : অৱশেষত মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে সন্ধিয়া ৬.০৪ বজাৰ পৰা ৰাষ্ট্ৰপতি ভৱনত আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানত সোণোৱালে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

সন্ধিয়া ৬.০৭ সোণোৱালে কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰে। তেওঁৰ পূৰ্বে সন্ধিয়া ৬.০৫ বজাত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাৰায়ন ৰানে শপতগ্ৰহণ কৰিছিল।

মোদীৰ মন্ত্ৰীসভাৰ আজিৰ সম্প্ৰসাৰণত সৰ্বনানন্দ সোণোৱালকে ধৰি মুঠ ৪৩ গৰাকী নতুন সদস্যই স্থান পায়। তেওঁলোকৰ ভিতৰত ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ নাৰায়ন টাটু ৰানে, কিৰেন ৰিজিজু আদি অন্যতম।

উল্লেখযোগ্য যে ২০১৬ চনত অসমৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ২০১৪ চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ সোণোৱালে প্ৰথমবাৰৰ বাবে মোদী মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ স্থান পাইছিল। ২০১৪ চনৰ পৰা ২০১৬ চনলৈ তেওঁ কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পূৰ্বে ২০০৪ চনত অগপৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা সোণোৱালে ২০০৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰি ২০১১ চনত বিজেপিত যোগদান কৰে।

এইবাৰ সোণোৱালৰ নেতৃত্বত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিবলৈ সক্ষম হয় যদিও দলটোৰ কেন্দ্ৰীয় নেতৃত্বই সোণোৱালৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাকহে অসমৰ মুখ্য মন্ত্ৰী পাতে।

সোণোৱালে আজি পুনৰ কেন্দ্ৰীয় মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰাৰ পিছতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে তেওঁ শুভেচ্ছা জনায়।

আনহাতে, মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে আজি ১২ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে পদত্যাগ কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধন, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, শ্ৰম মন্ত্ৰী সন্তোষ গাংৱাৰ আদি অন্যতম।

লগতে পঢ়ক : মেৰী কমৰ চৰিত্ৰত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰাটো ‘হৃদয়বিদাৰক’ : কিয় এনেদৰে ক’লে লিন লেইশ্ৰামে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply