গুৱাহাটীঃ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াক প্ৰদান কৰা হৈছে কেবিনেট মৰ্যাদা।
অসম ঔদ্যোগিক উন্নয়ন লিমিটেডৰ অধ্যক্ষৰ দায়িত্বত আছে বিধায়ক প্ৰশান্ত ফুকন। আনহাতে অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষৰ দায়িত্বত আছে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া।
ৰাজ্য চৰকাৰে শুকুৰবাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে।