কাছাৰঃ কিং কোব্ৰা সাপৰ লগত খেলা কৰিবলৈ গৈ প্ৰাণ গ’ল কাছাৰৰ এজন লোকৰ ৷ কাছাৰৰ ধলাই সমষ্টিৰ বিষ্ণুপুৰত সংঘটিত হৈছে ঘটনাটো ৷ নিহত লোকজনৰ নাম ৰঘুনন্দন ভূমিজ ( 60) ৷

ঘৰৰ ওচৰৰ খেতিপথাৰত কাম কৰাৰ অৱস্থাত এটা বিষাক্ত সাপটো ওলাইছিল৷ ধানখেতিৰ মাজত ওলোৱা সাপটো দেখি আগবাঢ়ি গৈ সাপটো ধৰি লয় ৰঘুনন্দনে ৷

লগতে পঢ়কঃআলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আটক এজন

সাপটো ধৰাৰ পাছত উৎফুল্লিত হৈ পৰে ৰঘু ৷ বিষাক্ত কিং কোব্ৰা সাপটো ডিঙিত লৈ সমগ্ৰ গাওঁ জুৰি খেলা প্ৰদশৰ্ন কৰিবলৈ আৰম্ভ কৰে ৰঘুয়ে ৷

এটা সময়ত সাপটোয়ে কামুৰি দিয়ে ৰঘুক ৷ লগে লগে মাটিত ঢলি পৰে ৰঘু ৷ স্থানীয় সকলে ৰঘুক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হস্পিতাল লৈ যায়৷ ইতিমধ্যে চিকিৎসকে ৰঘুনন্দনক মৃত বুলি ঘোষণা কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply