কাছাৰঃ ডলু চাহ বাগিচাত প্ৰায় ২০০ খন এক্সকেভেটৰ লৈ চাহ বাগান উচ্ছেদত নামিছে কাছাৰ জিলা প্ৰশাসন৷ ডলু চাহ বাগিচাত নতুনকৈ নিৰ্মাণ হ’বলগীয়া গ্ৰীণ ফিল্ড বিমানবন্দৰৰ স্থাপনৰ ভাৱে ২৫০০ বিঘা ভূমিৰ চাহ গছ তুলি পেলোৱাৰ বাবে চলিছে প্ৰশাসনৰ বৃহৎ অভিযান৷ ডিজিপি (S) জি পি সিঙৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বিশাল দল নামিছে এই অভিযানত৷ বাগিচাৰ শ্ৰমিকৰ তীব্ৰ বিৰোধিতাৰ মাজেৰে চলিছে এই অভিযান ৷ ডলু চাহ বাগিচাৰ ২৫০০ বিঘা ভূমিৰ প্ৰায় ৩০ লাখৰ অধিক চাহ গছপুলি ধ্বংস কৰি বিমানবন্দৰ স্থাপনৰ সিন্ধান্ত গ্ৰহণ হোৱাৰ পিছৰে পৰা শ্ৰমিক সকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে৷

লগতে পঢ়কঃআলফা স্বাঃৰ দাবী তিনিচুকীয়া আৰক্ষীৰ হাতত ধৰা পৰা সন্তোষ লামা আলফাৰ সদস্য নহয়

শ্ৰমিক সকলৰ লগত প্ৰশাসনৰ আলোচনা হোবাৰ পাছতো শ্ৰমিকক বুজনি দিব পৰা নাই কাছাৰ জিলা প্ৰশাসনে৷ ইতিমধ্যে  প্ৰায় ২০০ খনৰ অধিক এক্সকেভেটৰে চাহ গছ তুলি পেলোৱাৰ কাম আৰম্ভ হৈছে৷ ইপিনে এই অভিযানত শ্ৰমিকসকলে যাতে কোনো বাধা সৃষ্টি কৰিব নোৱাৰে ইয়াৰ বাবে জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ লগতে স্থানে স্থানে মোতায়েন কৰি ৰখা হৈছে  আৰক্ষীৰ বিশাল বাহিনী৷ আজিৰ এই বৃহৎ অভিযানক কেন্দ্ৰ কৰি যিকোনো সময়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি প্ৰশাসনে সমগ্ৰ অঞ্চলজুৰি কটকটীয়া নিৰাপত্তা কৰি তুলিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply