শিলচৰ : বৰ্তমান সময়ত অসমত নিষ্ঠাৰে কাম কৰি থকা আৰক্ষী বিষয়া সকলৰ ভিতৰত অন্যতম এগৰাকী বিষয়া হৈছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ বিষয়া বৈভৱ চি নিম্বালকৰ। আৰক্ষী বিষয়া গৰাকীয়ে অতি নীৰৱে আৰু কঠোৰ পৰিশ্ৰমৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি দেশ, সমাজ তথা নিজ বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাছাৰ জিলাৰ পূর্বে তিনিচুকীয়া জিলাত মাত্ৰ কেইমাহ মানৰ বাবে আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত আই পি এছ বিষয়া বৈভৱ চি নিম্বালকৰ নিষ্ঠা আৰু সততাৰ বাবে আৰক্ষীৰ পৰা সাধাৰণ লোকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।

প্ৰচাৰ বিমুখ আই পি এছ বিষয়া বৈভৱ চি নিম্বালকৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা প্ৰতি দিনেই কাছাৰ আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। বিগত সময়ত কাছাৰ আৰক্ষীয়ে লাভ কৰা সাফল্য সমূহৰ ভিতৰত বাৰমিজ চুপাৰি, বাৰমিজ চিগাৰেট, বিদেশী সুৰা, নিচাযুক্ত টেবলেট, ব্ৰাউন চুগাৰ, হে’ৰইনকে আদি কৰি কেইবাকৌটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ আদি জব্দ কৰা। ইয়াৰ উপৰিও আই পি এছ বিষয়া গৰাকীৰ নেতৃত্বত কেইবালাখ নগদ ধন জব্দ কৰাৰ লগতে বিভিন্ন অপৰাধৰ লগত জড়িত বহু অপৰাধীক গ্ৰেপ্তাৰ কৰি ব্যাপক সফলতাৰে আৰক্ষী তথা গৃহ বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষী।

লগতে পঢ়ক : শ্যাম ষ্টীল ইণ্ডিয়াৰ অসম চৰকাৰক ২৫ টা অক্সিজেন কনচেণ্ট্ৰেটৰ দান

উল্লেখযোগ্য যে শেহতীয়াকৈ মাত্ৰ এটা দিনৰ ভিতৰতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ঢলাই, সুনাই আৰু মণিপুৰ সীমান্তৰ জীৰিঘাট, লালপানী আদি অঞ্চলৰ লগতে মিজোৰাম সীমান্তৰ লাইলপুৰৰ পৰা প্ৰায় এক কোটি বিছ লাখ টকাৰ মূল্যৰ বাৰমিজ চিগাৰেট, সুৰা, নিচাযুক্ত টেবলেট, হেৰ’ইন আদি জব্দ কৰি ইয়াৰ লগত জড়িত বহু কেইজন অপৰাধীক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে। আনহাতে অতি কঠোৰ হাতেৰে অপৰাধ আৰু অপৰাধীক দমন কৰিবলৈ সক্ষম হোৱা আই পি এছ বৈভৱ চি নিম্বালকৰে সমাজ আৰু মানৱীয় দৃষ্টকোনৰ পৰা জনকল্যাণৰ হকে কাম কৰি বিশ্ব ৰক্তদান দিৱস উপলক্ষে শিলচৰত এক ৰক্তদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply