কাছাৰঃ কাছাৰৰ বৰখলাত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। পান্না দেব নামৰ লোকজনৰ ঘৰত চোৰে চলালে চাফাই অভিযান। আত্মীয়ৰ ঘৰত বিয়া খাবলৈ গৈছিল পৰিয়ালটো।
লগতে পঢ়কঃউত্তৰ-পূব মহােৎসৱৰ শুভাৰম্ভ কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
ঘৰত কোনো নথকাৰ সুযোগতে চোৰে লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ। বৰখলা আৰক্ষী চকীৰ নিচেই সমীপতে সংঘটিত হৈছে চুৰিকাণ্ড। বৰখলা আৰক্ষীচকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। বৰখলা আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।