কাছাৰঃ ভূমি বিবাদক কেন্দ্ৰ কৰি কাছাৰৰ  বাশকান্দিত  ভয়ংকৰ ঘটনা সংঘটিত হয় । চোকা অস্ত্ৰৰে মহিলাক আক্ৰমণ প্ৰতিবেশী যুৱকৰ। জানিব পৰা মতে, ৰিপন হুছেইন বৰভূঞা নামৰ এজন যুৱকে তেওঁৰ প্ৰতিবেশী নিহাৰা বেগম নামৰ এগৰাকী মহিলাক ভূমি বিবাদক কেন্দ্ৰ কৰি দাৰে আক্ৰমণ চলায় ৷ ঘটনা সংঘটিত কৰি সেই স্থানৰ পলায়ন কৰে ৰিপন হুছেইন বৰভূঞা ৷ পিছে ৰক্তাক্ত অৱস্থাত মহিলাগৰাকীক পৰিয়ালৰ লোক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰে ৷

বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাই অভিযুক্ত ৰিপন হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ধৃত ৰিপন হুছেইন বৰভূঞা এক কুখ্যাত অপৰাধী বুলি জানিব পৰা গৈছে ৷ কাছাৰৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু হৈ আছে। আনকি যোৱা কেইমাহমান পূৰ্বে আৰক্ষীয়ে ৰিপনক বন্দুক সহ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply