গুৱাহাটী – ৰাজ্যত দ্বিতীয়বাৰৰ বাবে আৰম্ভ হোৱা CAA বিৰোধী আন্দোলন কোনো অস্তিত্বই নাই বুলি উল্লেখ কৰিলে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ এতিয়া আন্দোলনৰ সময় নহয়, উন্নয়নৰহে সময় বুলি মন্তব্য কৰি মন্ত্ৰী বৰুৱাই কালি সংবাদ মাধ্যমৰ আগত কয়, ‘অসমত এচাম মানুহ আছে, যিসকল কেৱল আন্দোলনজীৱী৷” অসমত আন্দোলন চলি থাকিলেহে সেই লোকসকল জীয়াই থাকিব পাৰে৷ কিন্তু এতিয়া অসমৰ মানুহ সেইসকল আন্দোলনকাৰীৰ পাছত নোদৌৰে৷’
মন্ত্ৰী বৰুৱাই এই আন্দোলনক এতিয়া অসমৰ ৰাইজে নস্যাৎ কৰা বুলি উল্লেখ কৰি কয়, ‘য’ত পাঁচ হাজাৰ মানুহেই নহয়, তেন্তে সেয়া কিহৰ আন্দোলন? ৫০জন মানুহ লগ হৈ মুৰ্দাবাদ ধবনি দিলে বা প্ৰতিমূৰ্তি জ্বলালেই আন্দোলন বুলি নকয়৷ ৫০জন মানুহ এখন ঘৰতেই থাকে৷’ সংবাদ মাধ্যমে তেনে আন্দোলনৰ বাতৰি ছপা নকৰিলে বা সম্প্ৰচাৰ নকৰিলে আন্দোলন নহয়েই বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে সংবাদ মাধ্যমে তেনে আন্দোলনৰ বাতৰি পৰিৱেশন নকৰিলে আন্দোলনকাৰী হতাশ হ’ব।
তেওঁ লগতে দ্বিতীয়বাৰৰ বাবে পুনৰ আৰম্ভ কৰা আন্দোলনক চোকা ভাষাৰে সমালোচনা কৰি কয় যে এতিয়া ৩০ হাজাৰকৈ নিবনুৱাৰ নিযুক্তিৰ বাবে চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাৰ সময়ত আন্দোলন কৰিলে সেই আন্দোলনে কেৱল অসমীয়া ল’ৰাকেই ক্ষতি কৰিব।
তেওঁ কয়, আন্দোলনৰ ফলত ক্ষতি হ’ব শিক্ষিত নিবনুৱাৰ৷ আকৌ আন্দোলনৰ নামত ওলাই অহা এই সংগঠনসমূহৰ ক’ত, কেতিয়া জন্ম হ’ল, নাম কি সেই বিষয়ে বহুতেই নাজানে৷ আনহাতে এতিয়া আন্দোলনস্থলীসমূহত আন্দোলনকাৰীতকৈ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ সংখ্যাহে অধিক বুলিও মন্ত্ৰী বৰুৱাই মন্তব্য কৰে৷