শিলচৰ: এন এফ ৰে’লৱেৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তাই সোমবাৰে ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লামডিং-বদৰপুৰ ৰে’লপথচোৱা পৰিদৰ্ষণ কৰি পুনৰুদ্ধাৰৰ কামৰ বুজ লয়।
উল্লেখযোগ্য যে ডিমা হাচাওৰ বান পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লগে লগে ৰে’লপথৰ পুনৰুদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে।
ইতিমধ্যে ৰে’লৱেই বদৰপুৰৰ পৰা নিউ হাফলংলৈকে থকা পাহাৰীয়া অংশখিনি পুনৰুদ্ধাৰৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে, অৱশ্যে হাফলং আৰু লামডিঙৰ মাজৰ অংশখিনিৰ কাম এতিয়াও চলি আছে।
উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণ আৰু ব্যাপক ভূমিস্খলনৰ ফলত লামডিং সংমণ্ডলৰ অধীনৰ লামডিং-বদৰপুৰ মাজৰ প্ৰায় ৮৫ কিলোমিটাৰ ৰেলপথ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।
এই অংশখিনিৰ ৬১ টাতকৈও অধিক স্থানত ৰে’লপথৰ বেয়াকৈ ক্ষতিসাধন হোৱাৰ ফলত দক্ষিণ অসমৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, মিজোৰাম, মণিপুৰৰ সৈতে ৰে’ল যোগাযোগ ব্যাহত হয়।
লামডিং-বদৰপুৰৰ মাজত কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হৈ আৰু ভূমিস্খলনৰ বাবে কেইবাখনো ট্ৰেইনৰ চলাচল বাতিল কৰা হৈছিল বা আংশিকভাৱে ব্যাহত হৈছিল।
এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক অঞ্চুল গুপ্তাই ক্ষতিসাধন হোৱা অংশবোৰ পৰিদৰ্শন কৰি ১২ জুলাইৰ ভিতৰত গোটেই পথচোৱা পুনৰুদ্ধাৰ কৰাৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে।
“মই কামৰ পৰিদৰ্শন কৰিছো। কাম ঠিকমতে আগবাঢ়ি আছে, যদি বতৰ ঠিকে থাকে অহা জুলাইৰ মাজভাগত পথচোৱা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ’ম,” তেওঁ কয়।
এন এফ ৰে’লৱেৰ চি পি আৰ অ’ সব্যসাচী দেয়ে জনোৱা মতে ক্ষতিগ্ৰস্ত সৰহভাগ অংশ পুনৰুদ্ধাৰ কৰা হৈছে আৰু ফিডিং আৰু দাওতুহাজাৰ মাজৰ অংশখিনিত কাম চলি আছে।
“৩০ জুনৰ পৰা আমি শিলচৰ আৰু হাফলঙৰ মাজত ৰে’লসেৱা পুনৰ আৰম্ভ কৰিম। উক্ত পথচোৱা পুনৰুদ্ধাৰ কৰা হৈ গৈছে,” তেওঁ কয়।
শিলচৰ আৰু নিউ হাফলঙৰ মাজত চলা ট্ৰেইনখন ক্ৰমে পুৱা ৭:২০ বজা আৰু আবেলি ৩:৩০ বজাত নিৰ্ধাৰিত সময়সূচী মতে পুনৰ সৈতে দৈনিক চলাচল কৰিব।
এন এফ ৰে’লৱেই ১৫ জুলাইলৈকে পাহাৰীয়া অঞ্চলটোত সকলো দূৰণিবটীয়া ট্ৰেইন বাতিল কৰিছে। আন কেইবাখনো ট্ৰেইনৰ লগতে আগৰতলা-ফিৰোজপুৰ, আগৰতলা-বেংগালুৰু, শিলচৰ-নতুন দিল্লী, শিলচৰ-তিনিচুকীয়া, শিলচৰ-গুৱাহাটী, আৰু আগৰতলা-দেওগড় ট্ৰেইন বাতিল কৰা হৈছে।
লগতে পঢ়ক – শিলচৰত বানপানীৰ মাজতে জিলা প্ৰশাসনৰ খোৱাপানীৰ ব্যৱস্থাই ফে’চবুকত লগাইছে খলকনি!