মাৰ্ঘেৰিটা: ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আৰু সেৱা ফাউণ্ডেশ্বনৰ সহযোগত আজি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱত এক কৰ্কট ৰোগ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়।

উক্ত সজাগতা সভাত বিশেষজ্ঞ চিকিৎসক হিচাবে উপস্থিত থাকে ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ কেন্সাৰ প্ৰকল্পৰ বিজ্ঞানীৰ লগতে কেইবাগৰাকীও এই ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ গায়ত্ৰী গগৈ, ডাঃ গৌৰী শংকৰ বৰগোহাঁই, ডাঃ ৰীণা আহমেদ, ডাঃ সিদ্ধাৰ্থ শৰ্মা, ৰেড ক্ৰছৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য হেম বৰা, মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ কে, চি দাস, প্ৰাক্তন অধ্যক্ষ হিতেন শৰ্মাৰ ওপৰিও বহু কেইগৰাকীক গণ্যমান্য ব্যক্তি আজিৰ সভাত উপস্থিত থাকে।

আজিৰ অনুষ্ঠানতে সদ্য বিজয়ী মাৰ্ঘেৰিটা নগৰ সমিতিৰ ৱাৰ্ড মেম্বাৰ সকলকো সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পৱিত্ৰ বৰগোহাঞিয়ে আঁ‌ত ধৰা অনুষ্ঠানৰ পৌৰোহিত্য কৰে আনন্দ শৰ্মাই। আজি এই অনুষ্ঠানত স্থানীয় কেইবাটাও দল সংগঠনৰ লগতে স্থানীয় প্ৰায় ৫ শতাধিক লোক উপস্থিত থাকে।

উল্লেখ যে বৰ্তমান মানৱ সভ্যতাক আক্ৰান্ত কৰা আটাইতকৈ ভয়াৱহ ৰোগবোৰৰ ভিতৰত কেন্সাৰ বা কৰ্কট ৰোগ হৈছে অন্যতম। গৱেষণাৰ তথ্যৰ পৰা জনা গৈছে মহিলা সকলৰ স্তন, আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগীৰ সংখ্যা বিশ্বত সৰ্ব্বাধিক হোৱাৰ লগতে মুখ গহ্বৰ, পাকস্থলী, খাদ্যনলী আৰু জৰায়ু গ্ৰীৱাত কৰ্কট ৰোগে আক্ৰান্ত কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

দিনক দিনে বৃদ্ধি পোৱা এই ৰোগ বিধৰ কাৰণ লক্ষণ আৰু চিকিৎসা বিধিৰ লগতে জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আজিৰ এই সজাগতা সভা খন অনুষ্ঠিত কৰা হ’ল বুলি ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পৱিত্ৰ বৰগোহাঞিয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। আজিৰ সভাত কৰ্কট ৰোগৰ পৰা কি দৰে বাচি থাকিব পৰা যায় তথা এই ৰোগ বিধ হ’লে কেনে ধৰণৰ সাৱধানতা, চিকিৎসা ব্যৱস্থা উপলব্ধ সেই সম্পৰ্কে বিশেষজ্ঞ সকলে ভাষণ প্ৰসংগত উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply