গুৱাহাটী : সমগ্র বিশ্বতে দুশতকৈও কম চিনাক্ত হােৱা মহিলাৰ জৰায়ুৰ এক বিৰল কেঞ্চাৰৰ সফল অস্ত্রোপচাৰৰ গৌৰৱ অৰ্জন কৰিলে গুৱাহাটীৰ হেলথ চিটী হাস্পতালে। জৰায়ুৰ প্রাইমেৰী পেৰিফেৰিয়েল টি চে’ল লিমফমা নামৰ এই বিৰল কেঞ্চাৰৰ অস্ত্রোপচাৰ সম্পন্ন কৰা হয় ৰজঃনিবৃত্তি (মেন’পেজ) ঘটা এগৰাকী ৫৫ বছৰ বয়সীয়া মহিলাৰ ক্ষেত্ৰত।

সফল অস্ত্রোপচাৰ সম্পন্ন কৰি হেলথ চিটী হাস্পতালৰ জ্যেষ্ঠ কেঞ্চাৰ শল্য চিকিৎসা বিশেষজ্ঞ ডাঃ পংকজ ডেকাই কয় যে ৰজঃনিবৃত্তিৰ পিছতাে মহিলা গৰাকীয়ে অস্বাভাৱিক ৰক্তস্রাৱত ভুগিছিল। এই কেঞ্চাৰ বিধ প্রাথমিকভাৱে লসিকা গ্রন্থিত হােৱা তেজৰ কেঞ্চাৰ। দেহৰ আন অংশতাে হ’ব পৰা এই কেঞ্চাৰবিধ মহিলাগৰাকীৰ ক্ষেত্ৰত হৈছিল জৰায়ুত। অতি দ্রুত শৰীৰৰ আন অংশলৈ বিয়পিব পৰা এই কেঞ্চাৰৰ যথা সময়ত অস্ত্রোপচাৰ নকৰিলে ৰােগীৰ জীৱনলৈ সংকট নামি আহিব পাৰে। এই ৰােগীগৰাকীৰ ক্ষেত্ৰত তেওঁৰ জৰায়ু আৰু জৰায়ুৰ প্রায় ২.৩ কিলাে গ্রাম ওজনৰ টিউমাৰ আৰু কেঞ্চাৰ বিয়পিব পৰা স্থান সমূহ গুচাই দিয়া হৈছে।

লগতে পঢ়ক :  আন্ত:জিলা বন্ধ হৈ থকাৰ মাজত কেনেদৰে চলিছে বাছসমূহ

অস্ত্রোপচাৰত ডাঃ ডেকাক হেলথ চিটী হাস্পতালৰ স্ত্ৰী আৰু প্রসূতিৰােগ বিশেষজ্ঞ ডাঃ কল্পনা চৌধুৰীয়ে সহযােগিতা আগবঢ়োৱা বুলি উল্লেখ কৰি কয় যে উন্নত আন্তঃগাঁথনি অবিহনে এনে ৰােগ ধৰা পেলােৱা আৰু চিকিৎসা প্রদান কৰা সম্ভৱ নহয়। বর্তমান ৰােগী গৰাকীয়ে সম্পূর্ণ সুস্থ হ’বলৈ কেম’থেৰাপী আৰু ৰেডিঅ’থেৰাপী লৈ থাকিব লাগিব বুলি ডাঃ পংকজ ডেকাই প্রকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply