খেৰণী : ডিমা হাচাওৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ সমূহীয়া মমবাঁতি প্ৰজ্বলন কাৰ্যসূচী৷ ঘটনাৰ লগত জড়িত ব্যক্তি সকলৰ উচিত শাস্তিৰ দাবী ৰাইজৰ।

যোৱা ২৬ আগষ্ট তাৰিখে দৈয়াংমুখ থানাৰ অন্তৰ্গত দিয়োংব্ৰাৰ চেং চেং বিলত ট্ৰাকত গুলীবর্ষণ আৰু অগ্নি সংযোগ ঘটনাক গৰিহণা দিয়ে ৰাইজে। এই ঘটনাত নিহত হোৱা পাঁচজনকৈ ট্ৰাক চালকৰ আত্মৰ শান্তিৰ বাবে মমবাঁতি প্ৰজ্বলন কৰে।

লগতে পঢ়ক : ২০২১-২২বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস

সন্ধিয়া ৫ বজাৰ পৰা হাতে হাতে মমবাঁতি লৈ সমূহীয়া মমবাঁতি প্ৰজ্বলনেৰে দোষীৰ কঠোৰ শাস্তি দাবী জনায় ৰাইজে। এনে নিৰ্মম ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় ইয়াৰে কামনা কৰে মমবাঁতি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰা স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply