নলবাৰী : ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিডে। ক’ভিডৰ দ্বিতীয়টো ঢৌৱে প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোকক আক্রান্ত কৰিছে। চৰকাৰে ইতিমধ্যে ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে যদিও ব্যাপক হাৰত সংক্ৰমণ বৃদ্ধি হোৱাৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰতিগৰাকী মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে দুখনকৈ জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ দায়িত্ব প্ৰদান কৰাৰ পিছতে প্ৰতিগৰাকী মন্ত্ৰী অধিক তৎপৰ হৈ দায়িত্ব লাভ কৰা জিলা সমূহত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। নলবাৰী জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ আজি জিলাখনত উপস্থিত হয় দুগৰাকীকৈ মন্ত্ৰী।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নলবাৰীত ক’ভিড পৰিস্থিতিৰ বুজ লয় পৰিবহ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। দিনৰ দুই বজাত মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চিকিৎসা বিষয়া, জিলা উপায়ুক্ত, বিভিন্ন উচ্চ পদস্থ বিষয়াৰ লগত এখনি আলোচনাত মিলিত হয়। মন্ত্ৰী গৰাকীয়ে সম্প্ৰতি জিলাখনৰ হাস্পতাল সমূহত পৰ্যন্ত পৰিমাণে বিছনা, ঔষধ, অক্সিজেন থকা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

আনহাতে অচিৰেই জিলাখনত ক’ভিড ভেকচিন পৰ্যন্ত পৰিমাণে উপলব্ধ হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে। ৰাইজৰ লগত চৰকাৰ প্ৰতিটো মূহুৰ্তত থকা বুলি দোহাৰি ৰাইজক শংকিত ন’হবলৈ আহ্বান জনায় পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইফালে নলবাৰী ভ্ৰমণ কৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক দেখিবলৈ পোৱা যায় অন্য এক ৰূপত। আজি নলবাৰী অসামৰিক চিকিৎসালয়ত হঠাতে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী।

আৰু পঢ়কঃ তিনিচুকীয়াত এম্বুলেন্স সেৱা মুকলি

জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লৈ চৰকাৰী চিকিৎসক সকলৰ সৈতে আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী। আজিৰে পৰা ৰাজ্যত প্ৰতিদিনে এক লাখ ক’ভিড পৰীক্ষা কৰা হব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। নলবাৰীত অতিশীঘ্ৰে অক্সিজেন প্লান্ট আৰম্ভ কৰা হ’ব বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply