খুমটাইঃ আজি শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ মৃত্যুতিথি। ১৯৯৯ চনৰ আজিৰ দিনটোতেই কাৰ্গিল
যুদ্ধত সাহসীকতাৰে পাকিস্তানী সৈন্যৰে যুঁজি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছিল বীৰ সৈনিকজনে ।
গোলাঘাট জিলাৰ খুমটাইৰ দৰে ভিতৰুৱা ঠাইৰ পৰা গৈ ১৭ নং গাৰৱাল ৰেজিমেন্টৰ কেপ্টেইনৰ দৰে গুৰুত্বপূৰ্ণ দ্বায়িত্ব লাভ কৰিছিল শ্বহীদ জিন্টু গগৈয়ে।
আৰু পঢ়কঃ কামৰূপ জিলাত প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু বেচা-কিনাত নিষেধাজ্ঞা
সম্প্ৰতি বাইশটা বছৰ পাৰ হ’ল বীৰ শ্বহীদজন আমাৰ মাজৰ পৰা আঁতৰি যোৱা।
বুধবাৰে বীৰ শ্বহীদজনৰ পূণ্য মৃত্যুতিথিত এক আবেগিক পৰিবেশৰ মাজেৰে সোঁৱৰে শ্বহীদজনৰ বৃদ্ধ পিতৃ মাতৃয়ে।
শ্বহীদ জিন্টু গগৈৰ সমাধিক্ষেত্ৰত পুৱা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰি আৱেগিক হৈ পৰে বীৰ শ্বহীদগৰাকীৰ পিতৃ-মাতৃ ৷