দেওবাৰে নিশা মাকুম আৰক্ষীয়ে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচলৰ পৰা দুটাকৈ বন্দি হাতী কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে।
হাতী দুটা উড়িষ্যালৈ নি থকা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উদ্ধাৰ কৰা হাতী দুটাক পিছত বন বিভাগৰ হাতত গতাই দিয়া হয়।
আৰক্ষীয়ে দুটা বন্দি কৰি অনা হাতীৰ সৈতে এখন ট্ৰাক বন বিভাগৰ হাতত গতাই দিয়া বুলি ডুমডুমা মহকুমা বন বিষয়া ৰাজীৱ দাসে ইষ্টম’জ’ক জানিবলৈ দিয়ে।
‘তেওঁলোকে হাতী দুটাৰ পৰিবহনৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্য বন সংৰক্ষক আৰু পশু চিকিৎসকৰ পৰা গ্ৰহণ কৰা অনুমতি সংক্ৰান্তীয় নথি-পত্ৰ জমা দিছে।‘ তেওঁ লগতে কয়।
দাসে জনোৱা মতে ট্ৰাকখনে কাকপথাৰত থকা আৰক্ষীৰ নিৰিক্ষণ চকীত নৰখাই পলাই গুচি অহাৰ বাবে আৰক্ষীৰ সন্দেহ হোৱাত তেওঁলোকে মাকুম আৰক্ষীক খবৰ দিয়ে আৰু ট্ৰাকখন জব্দ কৰা হয়।
হাতী দুটাৰ সৈতে এজন মাউট লগত আহিছে। জমা দিয়া নথি-পত্ৰবিলাকৰ বিশ্বাসযোগ্যতাকে ধকি গোটেই বিষয়টো অৰুণাচলৰ বন বিভাগক অৱগত কৰা হৈছে আৰু এই সন্দৰ্ভত প্ৰয়োজন হ’লে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি দাসে জানিবলৈ দিয়ে।