ডবকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল AS30 7181 নম্বৰৰ আৰক্ষীৰ বাহন ৷
গুৰুতৰ ভাবে আহত চালক সহ চাৰি আৰক্ষী জোৱান ৷ তেওঁলোক হল ক্ৰমে অশোক কুমাৰ সিংহ, ছায়দুল ইছলাম , নাৰাফুন নাথ আৰু পুষ্প শইকীয়া ৷
আটাইকে স্থানীয় ৰাইজৰ সহযোগত ডবকা আৰক্ষীয়ে উদ্ধাৰ কৰি ডবকা ৩০ বিচনাযুক্ত চিকিৎসালয়লৈ লৈ আনে ৷
বাহনখন ডবকাৰ পৰা শংকৰদেৱ নগৰ অভিমুখে গৈ আছিল ৷
দুৰ্ঘটনাগ্ৰস্ত গাড়ী খন জিলা আৰক্ষীৰ তহলদাৰী বাহিনীৰ আছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক- AFSPA প্ৰত্যাহাৰৰ দাবী নাগালেণ্ড আৰু মেঘালয় চৰকাৰৰ; কি স্থিতি অসমৰ মুখ্য মন্ত্ৰীৰ?