নিউজ ডেস্কঃ হঠাৎ এগৰাকী ব্যক্তিয়ে গাড়ীৰ পৰা নামি আহি এখন ট্ৰাকত অগ্নিসংযোগ কৰা এটা ভিডিঅ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বিলাসপুৰৰ।

কোটা থানাৰ অন্তৰ্গত আনন্দ ধৰ্ম কান্টাৰ সমীপত এগৰাকী ব্যক্তিয়ে পুৰণি কোনো সংঘাত থকাৰ বাবে বাহনৰ নামি আহি এখন ট্ৰাকত অগ্নি সংযোগ কৰে।

পথৰ কাষতে ৰৈ থকা ট্ৰাকখনত অগ্নি সংযোগ কৰাৰ পাছত নিজৰ বাহনত উঠি ব্যক্তিগৰাকীয়ে উক্ত স্থানৰ পৰা পলায়ন কৰে। ইয়াৰ পাছতে ট্ৰাকখনৰ মালিক সন্তোষ গুপ্তাই এই বিষয়ে স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ট্ৰাকৰ মালিক আৰু অগ্নিসংযোগ কৰা ব্যক্তিগৰাকীৰ মাজত পূৰ্বৰে পৰা কিছু সংঘাত আছিল। যাৰ পৰিণতিতে অৱশেষত তেওঁ এনেদৰে ট্ৰাকখনত অগ্নিসংযোগ কৰে।

উল্লেখ্য যে, এই সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। বটলৰ পৰা পেট্ৰ’ল ট্ৰাকখনত চটিয়াই দিয়াৰ পাছত ব্যক্তিগৰাকীয়ে অগ্নিসংযোগ কৰা স্পষ্টকৈ পৰিলক্ষিত হৈছে এই ভিডিঅ’টোত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply