নিউজ ডেস্ক: অসম-মেঘালয় সীমান্তৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ বেলগুৰিত চোৰাং চিকাৰিয়ে এজনী ১২ বছৰীয়া মাইকী হাতী হত্যা কৰি মাংস আৰু শুঁড়দাল কাটি নিয়ে।
যোৱা শনিবাৰে বন বিভাগে হাতীজনীৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত হাতীজনীৰ কাষত এটা ৩০৩ ৰাইফলৰ এটা খালী কাৰ্টিজ পৰি থকাৰ বাবে বন বিভাগৰ লোকে চোৰা চিকাৰীয়ে এই কাৰ্য কৰা বুলি সন্দেহ কৰিছে।
‘’অসম-মেঘালয় সীমান্তৰ বেলগুৰিত এজনী ১২ বছৰীয়া মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ১৫ দিনমানৰ পূৰ্বে ঘটনাটো সংঘটিত হৈছিল, মাংসৰ বাবেই হাতীজনী হত্যা কৰা হৈছিল বুলি অনুমান কৰা হৈছে,’’ পূব কামৰূপ সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লৱ শইকীয়াই জনায়।
মৃত হাতীজনী মৰণোত্তৰ পৰীক্ষাৰ পিছত পুতি পেলোৱা হয়।
স্থানীয় লোকে নিশাৰ ভাগত সংৰক্ষিত বনাঞ্চল এলেকাত প্ৰায়ে গুলীৰ মাত শুনিবলৈ পাই বুলি জানিবলৈ দি তেওঁলোকে এই সম্পৰ্কে স্থানীয় বন বিভাগৰ কাৰ্যালয়ক সদৰী কৰিছে যদিও বন বিভাগে কথাটো গুৰুত্ব প্ৰদান কৰা নাছিল বুলি অভিযোগ কৰে।
লগতে পঢ়ক – গুৱাহাটীত ৰে’লৱে ষ্টেশ্যনত ২২ লাখ টকাসহ এজনক আটক