নিউজ ডেস্কঃ বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জৰ প্ৰৱেশ দ্বাৰৰ সমীপত এটা মতা গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছে। বনৰক্ষীৰ নিয়মীয়া পৰিদৰ্শনত মিহিমুখ অঞ্চলত উদ্ধাৰ গড়ঁটোৰ মৃতদেহ । বাৰ্ধক্যজনিত কাৰণতে গঁড়টোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বনবিভাগে।
বনবিভাগে মৃত গঁড়টোৰ পৰা খৰ্গটো সংগ্ৰহ কৰে আৰু বনবিভাগৰ স্থানীয় কোষাগাৰত সংৰক্ষণৰ বাবে লৈ যায়। মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত, গঁড়টো উদ্ধাৰ হোৱা স্থানতে সমাধিস্থ কৰা হয়।