নিউজ ডেস্কঃ বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈ আৰু নাই ৷ আজি পুৱা প্ৰায় ৮.৩০ বজাত গুৱাহাটীৰ GMCH ত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
চিত্ৰশিল্পীগৰাকীৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। লগতে তেওঁৰ গুণমুগ্ধ সকলৰ মাজতো শোকৰ ছাঁ পৰিছে।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছে যে- ‘অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু প্ৰখ্যাত চিত্ৰশিল্পী তথা কাৰ্টুনিষ্ট পুলক গগৈদেৱৰ দেহাৱসানৰ বাতৰিয়ে মোক শোকাহত কৰি তুলিছে। দীৰ্ঘকাল ধৰি অসমীয়া চলচ্চিত্ৰ আৰু চিত্ৰশিল্পৰ জগতৰ উত্তৰণৰ দিশত অহোপুৰুষাৰ্থ কৰি অহা গগৈদেৱে কেইবাখনো সফল অসমীয়া চিনেমা উপহাৰ দিয়াৰ লগতে চিত্ৰশিল্পৰে শিল্পপ্ৰাণ মন-মগজুত বিশেষ আসন দখল কৰিছিল৷ মোৰ অতি শ্ৰদ্ধাৰ গগৈদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’