মানকাচৰ – অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত টকাৰ উজান। ৰাজ্যৰ প্ৰান্তে প্রান্তে নিৰ্বাচনৰ পূৰ্বে উঠিছে টকাৰ উজান। প্ৰতিদিনে জব্দ হৈছে বৃহৎ পৰিমাণৰ টকা। মঙলাবাৰে নিশা কাৰ্বি আংলং জিলাত আৰক্ষীয়ে ৪০ লাখ টকা জব্দ কৰাৰ পিছতে বুধবাৰে মানকাচৰত ফ্লয়িং স্কোৱাটৰ দলে জব্দ কৰে ৮০ হাজাৰ টকা। যোৰহাট জিলাত জব্দ হয় ৫ লাখ টকা নগদ ধন।
অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে দাখিল কৰিছে মনোনয়ন পত্ৰ। নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ থকাৰ সমান্তৰালে তৎপৰ হৈ আছে নিৰ্বাচন আয়োগ, আৰক্ষী আৰু প্ৰতিটো জিলাৰ প্ৰশাসন।
নিৰ্বাচনত যাতে কোনো ধৰণৰ ক’লা ধনৰ ব্যৱহাৰ নহয় ইয়াৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে নিৰ্বাচন আয়োগ, আৰক্ষী আৰু প্ৰশাসন। ক’লা ধনৰ সৰবৰাহ ৰোধ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগ আৰু আৰক্ষীয়ে অভিযান অধিক তীব্রতৰ কৰি তোলা পৰিলক্ষিত হৈছে।
ইতিমধ্যে ফ্লয়িং স্কোৱাটৰ দলৰ লগতে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন। বুধবাৰে পুৱাৰ ভাগত মানকাচৰ জিলাৰ মিৰজুমলাত ফ্লয়িং স্কোৱাটৰ দলে অভিযান চলাই জব্দ কৰে ৮০ হাজাৰ টকা। জিলাখত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা বর্তমানলৈকে ২০ লাখ টকা জব্দ হৈছে।
মঙলাবাৰে নিশাৰ ভাগত কাৰ্বি আংলং জিলাত আৰক্ষীয়ে এক বিশেষ সাফল্য লাভ কৰি জব্দ কৰে ৪০ লাখ টকা। জিলাখনৰ বোকাজন মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষীয়ে এএছ-০৯-চি-২২৭২ নম্বৰৰ যাত্ৰীবাহী এখন বাছৰ পৰা টকাখিনি জব্দ কৰে।
ইফালে পুৱাৰ ভাগতে যোৰহাট জিলাত জব্দ হয় ৫ লাখ টকা নগদ ধন। আৰক্ষী, চি আৰ পি এফ আৰু ফ্লয়িং স্কোৱাটৰ দলে অভিযান চলাই এখন বাহনৰ পৰা টকাখিনি জব্দ কৰে। উল্লেখ্য যে নিৰ্বাচন আয়োগৰ তথ্য মতে যোৱা ৭ আৰু ৮ মাৰ্চৰ দিনত ৰাজ্যত ৫৩ লাখ টকা নগদ ধনৰ লগতে ৩.৯৩ কোটি টকা মূল্যৰ সুৰা জব্দ হৈছে।