নিউজ ডেস্কঃ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক সা-সুবিধাৰে সজ্জিত দুখন তীখাৰে নিৰ্মিত তথা ১০০ গৰাকী যাত্ৰী আৰু ৫০খন মটৰ চাইকেল কঢ়িয়াব পৰা কেটামাৰান জাহাজৰ শুভাৰম্ভ কৰে। দিব্যাংগ, জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুসকলৰ বিশেষ সুবিধা থকা থকা এই জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ নদী পৰ্যটন ক্ষেত্ৰক এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ লগতে আজি অভ্যন্তৰীণ জল পৰিবহণ ঘাটত ২৮৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী গে’টৱে ফেৰী টাৰ্মিনেল প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পত সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সা-সুবিধা উপলব্ধ হ’ব। অসমৰ জনসাধাৰণৰ সুবিধাৰ্থে পৰিবহণ বিভাগৰ আন ১২টা আধাৰ-ভিত্তিক অনলাইন সেৱা ৰাইজৰ বাবে আজি মুকলি কৰা হয়।

এই সেৱাক সামৰি অসমত বৰ্তমান পৰিবহণ খণ্ডত দিল্লীৰ তুলনাত ৫টাকৈ অধিক অনলাইন সেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ লগতে আজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা কামৰ বোজা কম থকা কাৰ্যালয়ৰ সৈতে স্বয়ংক্ৰিয়ভাৱে কাম ভাগ-বাটোৱাৰা কৰিবলৈ মুকলি কৰা হয় CM-TRANS শীৰ্ষক এক নতুন পদ্ধতি৷

আনহাতে, এই অনুষ্ঠানত গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০জন হিতাধিকাৰীক চালকৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপে অসমৰ যুৱক-যুৱতী সকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ উপৰি পৰ্যটন খণ্ডৰ বাবে এক উৎসাহজনক বাৰ্তা কঢ়িয়াইছে৷ উল্লেখযোগ্য যে, এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply