স্বপন নাথ, কাজিৰঙা: এতিয়াৰ পৰা কাজিৰঙাৰ ৰাজপথত গাড়ী চলাওঁতে সকলো চালক সাৱধান হ’ব লাগিব। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত দেশৰ উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে দিয়া নিৰ্দেশৰ ওপৰত ভিত্তি কৰি বোকাখাতৰ পৰা জখলাবন্ধা লৈকে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত তীব্ৰ গতিত গাড়ী চলোৱা, এনিমেল কৰিড’ৰবোৰত গাড়ী ৰখোৱা, বন্যপ্ৰাণীৰ অপকাৰ কৰা আদি কাম কৰিলে জৰিমনা ভৰিব লাগিব।
উল্লেখ্য যে, বোকাখাতৰ পৰা জখলাবন্ধালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ৯ টা এনিমেল কৰিড’ৰ আছে। এই এনিমেল কৰিড’ৰবোৰেদি ১২ মাহেই বন্যপ্ৰাণী দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু ইয়াৰ নামনিলৈ অহা-যোৱা কৰি থাকে যদিও ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সৃষ্টি হ’লে গঁড়, হাতী, পহু আদি জন্তু সঘনাই অহা-যোৱা কৰে।
তেনে সময়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা তীয় বেগী গাড়ীৰ খুন্দাত বহু সংখ্যক বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰে। এই বন্যপ্ৰাণী সুৰক্ষাৰ কথা চিন্তা কৰি ইতিমধ্যে বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে বোকাখাতৰ পৰা জখলাবন্ধা লৈকে এই পথচোৱাত ১৪৪ ধাৰা জাৰি কৰি যান-বাহনৰ গতি ৪০ কিলোমিটাৰৰ তলত চলাবলৈ নিৰ্দেশ জাৰি কৰিছে।
আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া মতে, ২০১৩ চনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে দিয়া এক নিৰ্দেশ মতে, কাজিৰঙাৰ পানবাৰী, হালধিবাৰীকে ধৰি ছয়টা এনিমেল কৰিডৰত স্বয়ংক্ৰিয় কেমেৰা স্থাপন কৰা হৈছে। এই কেমেৰা কাইলৈৰ পৰা সক্ৰিয় কৰা হ’ব।
এই কেমেৰাত থকা ৰাডাৰ গানৰ জৰিয়তে ৪০ কিলোমিটাৰৰ গতিৰ ওপৰত যোৱা গাড়ীৰ নম্বৰ ৰেকৰ্ড কৰা হ’ব আৰু আইন ভংগ কৰি তীব্ৰ বেগত চলা গাড়ীৰ সকলো তথ্য জিলা পৰিবহন বিভাগক দাখিল কৰা হ’ব। জিলা পৰিবহন বিভাগে পৰিবহন আইন মতে চালকক জৰিমনা বিহিব।
ইফালে, বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে বোকাখাতৰ পৰা জখলাবন্ধা লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত ৪০ কিলোমিটাৰৰ অধিক গতিত গাড়ী চলালে চালকক জৰিমনাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, কাজিৰঙাৰ এনিমেল কৰিডৰত আইন ভংগ কৰি তীব্ৰ গতিত গাড়ী চলালে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বন বিভাগৰ দ্বাৰা জৰিমনা আদায় কৰাৰ নিৰ্দেশ দিছিল।
আজি এই নিৰ্দেশনা ভংগ কৰা এখন গাড়ীৰ চালকৰ পৰা পাঁচ হাজাৰ টকা জৰিমনা বিহিছে বন বিভাগে। জানিব পৰা মতে, আজি এন এল ০১ এ ডি ৫৫৩৭ নম্বৰৰ এখন টেংকাৰ গাড়ীয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নীতি-নিৰ্দেশনা অমান্য কৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰত তীব্ৰ বেগত গাড়ী চলোৱাৰ অপৰাধত আইন ভংগুৰ কৰা চালকৰ পৰা উদ্যান কৰ্ত্তৃপক্ষই পাঁচ হাজাৰ টকা জৰিমনা আদায় কৰে।