বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মা : বোকাখাত আৰক্ষীয়ে শুকুৰ বাৰে নিশা অভিযান চলাই বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় চোৰাং গৰুভৰ্তি AS 02CC 4629 নম্বৰৰ এখন বলেৰ’ পিকআপ বাহন।

৯টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে এটা গৰু মৃত অৱস্থাত তথা আন কেইবাটাও গৰু আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে বাহন খনৰ পৰা।

আৰক্ষীৰ লগতে জনসাধাৰণৰ চকুত ধুলি দিবলৈ ৯টাকৈ গৰুৰ ওপৰত টিপাল সহ তুঁহগুৰিৰ বস্তা জাপি আনিছিল সৰবৰাহকাৰীয়ে। দেৰগাঁৱৰ পৰা নগাঁৱলৈ কঢ়িয়াই লৈ যোৱা হৈছিল গৰু কেইটা।

ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আটক কৰিছে গাড়ীখনৰ ড্ৰাইভাৰ হেণ্ডিমেন ক্ৰমে-খাইৰুল হুছেইন আৰু আনোৱাৰ ইছলামক।লগতে এক গোচৰ ৰুজো কৰা বুলি জানিব দিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দীৰ্ঘদিনৰ পৰা গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ লগতে বোকাখাতৰ পৰা গৰু সৰবৰাহ চক্ৰক নিয়ন্ত্ৰণ কৰি আছে এটা দালাল চক্ৰই।দীৰ্ঘদিনৰ পৰা এই গৰু সৰবৰাহত সহায় কৰি আহিছে এই দালাল চক্ৰটোৱে।এটা বিশেষ ৰাজনৈতিক দলৰ কেইবাগৰাকীও সদস্য জড়িত হৈ আছে এই দালাল চক্ৰটোত।বোকাখাতৰ পৰা কলিয়াবৰলৈকে কেইবাটাও থানা অঞ্চল গৰুভৰ্তি গাড়ী সমুহ পাৰ কৰি দিয়াৰ নামত প্ৰতিখন গাড়ীৰ পৰা এক বুজন পৰিমাণৰ ধন আদায় লয় দালাল চক্ৰটোৱে।

শেহতীয়াকৈ ইষ্টম’জ’ অসমত বাতৰি প্ৰকাশৰ পাছতেই গৰুৰ এই চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰা দেখা গৈছে এতিয়া বোকাখাত আৰক্ষীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply