ৰাজ্যত অব্যাহত আছে গোধনৰ অবৈধ সৰবৰাহ। অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আজি পুৱতি নিশা কলিয়াবৰৰ বাগৰি আৰক্ষীৰ অভিযান।
বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে অবৈধ গৰু ভৰ্তি ট্ৰাক। ঘাইপথৰে পলাই যাবলৈ চেষ্টা কৰা এখন গৰু ভৰ্তি ট্ৰাক খেদি খেদি জব্দ কৰে বাগৰি আৰক্ষীয়ে।
জব্দকৃত ট্ৰাকখনৰ নম্বৰ এ এছ ০১ চি ৮১৪৩ । গোলাঘাটৰ পৰা নগাঁও অভিমুখে ৩০ টাৰো অধিক গৰু অবৈধ ভাৱে কঢ়িয়াই অনা হৈছিল ট্ৰাকখনত। আনহাতে ট্ৰাক এৰি পলায়ন কৰে চালকে।
লগতে পঢ়ক- লখিমপুৰত আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ