মানকাচৰ: দেশত গো সুৰক্ষাৰ বাবে গৰু ছিণ্ডিকেট আৰু চোৰাং কাৰবাৰৰ বিৰুদ্ধে চৰকাৰে যিমানেই ব্যৱস্থা নকৰক কিয় মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত চোৰাং কাৰবাৰ যেন বন্ধ হোৱাটো অসম্ভব হৈ পৰিছে।
উন্মক্ত সীমান্তৰ মাজেৰে অবাধ গতিত গৰুৰ সৰবৰাহ চলি আছে বৰ্তমান সময়তো। কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেকীৰ সহযোগত এতিয়াও প্ৰতিনিশা প্ৰায় পাঁচশ গৰু সৰবৰাহ হয় বাংলাদেশলৈ। মানকাচৰৰ শিশুমাৰা দ্বীপচৰৰ পৰা আৰম্ভ কৰি চেংগুৰচৰ, কুকুৰমাৰা, কাকৰিপাৰা সদৰটিলাৰ সীমান্তয়েদি প্ৰতি নিশা জাকে জাকে গৰু সৰবৰাহ হয় বাংলাদেশলৈ।
চোৰাং সৰবৰাহকাৰী সকলে গৰু সৰবৰাহ কৰিবলৈ গৈ সীমান্তবৰ্তী এলেকাত কৰা খেতি বাতি নষ্ট কৰি পেলায়। বিশেষকৈ চেংগুৰ চৰ এলেকাত কৃষক সকলে উৎকট গৰমৰ মাজত মূৰৰ ঘাম মাটিত পেলাই আৰম্ভ কৰিছে ধান খেতি।
এই ধান খেতিৰ ওপৰেদি প্ৰতি নিশা প্ৰায় ৫ শতাধিক গৰু সৰবৰাহ হয়। ফলত কৃষকৰ কষ্টৰ খেতি বাতি নষ্ট হবলৈ ধৰিছে। অঞ্চলটোৰ প্ৰায় ৭০ জন কৃষকৰ খেতি পথাৰ নষ্ট হবলৈ ধৰাত কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
একাংশ চিনাকি গৰু সৰবৰাহকাৰীক খেতিৰ ওপৰেদি গৰু সৰবৰাহ নকৰিবলৈ কৃষকে আহ্বান জনায় যদিও সৰবৰাহকাৰীয়ে কৃষক সকলক ওলোটা ব্যৱসায় বন্ধ হলে হত্যাৰ ভাবুকি দিয়ে। স্থানীয় আৰক্ষীয়ে গোটেই বিষয়টোৰ সম্পৰ্কে জ্ঞাত যদিও কোনো ব্যবস্থা লোৱাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ গাঁওবাসীৰ।
এনে পৰিস্থিতিৰ বাবে কৃষক সকলে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই গৰুৰ ব্যৱসায় বন্ধ কৰি সীমান্তবৰ্তী এলেকাৰ খেতি বাতি সুৰক্ষিত কৰিব লাগে বুলি দাবী জনাইছে।