বৰহাট(চৰাইদেউ): চৰাইদেউ জিলাৰ বৰহাট অঞ্চলত গৰু চুৰি চক্ৰ সক্ৰিয় হৈ থকাৰ ফলত গাৱঁলীয়া কৃষক ৰাইজৰ মূৰত ৰামটাঙোন সোধাইছে । বৰহাটৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু চুৰিকাণ্ড। এই বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে টিয়কীয়া, ডাঙৰীকুমাৰ, লেফেৰা গাঁওবাসী অতিষ্ঠ হৈছে সঘনাই হৈ থকা চোৰৰ উপদ্ৰবত।
কিছুদিন পূৰ্বে বৰহাট লেফেৰা অঞ্চলৰ পৰা চাৰিটাকৈ গৰু চোৰক বৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও পুনৰাই অঞ্চল সমূহত সংঘটিত হোৱা গৰু চুৰি কাণ্ডত নিৰুপায় হৈ পৰিছে ভুক্তভোগী কৃষক ৷
গৰু চুৰি কৰি নিশাৰ ভাগতেই চুবুৰীয়া ৰাজ্য অৰুণাচলত চোৰে গৰু বিক্ৰি কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ আনহাতে একাংশ চোৰে – নিশাৰ ভাগত ঘন জংঘলত গৰু হত্যা কৰি মাংস হিচাবে বিক্ৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ তথ্যও পোহৰলৈ আহিছে ৷
বৰহাট আৰক্ষী আৰু গাওঁ ৰক্ষী বাহিনীৰ চোকা পহৰাৰ মাজতো অতি কৌশলেৰে চোৰে গৰু চুৰি কৰাত আচৰিত হৈ পৰিছে ৰাইজ ৷গৰু চোৰক আটক কৰি বিহিত ব্যৱস্থা লবলৈ আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷