মানকাচৰ: বৰাইৰ আলগা বি এছ এফ কেম্প এলেকাৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা এটা গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটোৰ নাম হাবিজুৰ মণ্ডল।
কালিৰ দিনটোত সীমান্তত এজন গৰুৰ চোৰাং সৰবৰাহকাৰীৰ মৃত্যু হৈছিল।
বাংলাদেশী গৰু সৰবৰাহকাৰীটোৰ নাম ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে বাংলাদেশ সংবাদ মাধ্যমৰ পৰা নিশ্চিত কৰিছে।

BSF য়ে BGB ক ফ্লেগ মিটিং যোগে গৰু সৰবৰাহকাৰী নিহত হোৱাৰ খবৰ প্ৰদান কৰিছে।
মৃতদেহ বাংলাদেশত ঘূৰাই নিবলৈ BGB ক অৱগত কৰিছে BSF য়ে।
কিন্তু এতিয়ালৈ BGB য়ে কোনো সঁহাৰি জনোৱা নাই।
বৰ্তমান মৃতদেহটি মৰণোত্তৰ পৰীক্ষা কৰি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

৭২ ঘণ্টাৰ ভিতৰত বাংলাদেশ চৰকাৰে মৃতদেহ ঘূৰাই নিনিলে ভাৰততে কবৰ দিয়াৰ ব্যৱস্থা কৰা হব বুলি প্ৰশাসনে জানিবলৈ দিছে।

লগতে পঢ়কঃকৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত প্ৰাপ্য বিচাৰি কৃষক-শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply