মানকাচৰৰ ঝালৰচৰ কুটিৰঘাটত এজন বাংলাদেশী গৰু ব্যৱসায়ী গ্ৰেপ্তাৰ

২০ জানুৱাৰী নিশা কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি ঢেঁকীৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছে

মানকাচৰ ঝালৰচৰ এলেকায়েদি প্ৰৱেশ কৰি কুটিৰঘাট গাঁৱৰ শ্বাহ আলম নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল

গোপন সূত্ৰৰ ভিত্তিত কালাপানী আৰক্ষী অভিযান চলাই শ্বাহ আলমৰ ঘৰৰ পৰা তেওঁক আটক কৰি গ্ৰেপ্তাৰ কৰে

শ্বাহ আলমও গৰুৰ ব্যৱসায়ৰ সৈতে জড়িত

গৰুৰ ব্যৱসায় সংক্ৰান্তত তেওঁ ভাৰতলৈ অহা বুলি আৰক্ষীয়ে জানিবলৈ দিছে

বাংলাদেশী নাগৰিক জনক কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ বেহুলাৰচৰ গাঁৱৰ প্ৰয়াত মুৰতাজ আলিৰ পুত্ৰ হবিবৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে

গৰু ব্যৱসায়ী জন ভাৰতত প্ৰৱেশ কৰাত গৰুৰ চোৰাং কাৰবাৰ অব্যাহত থকা স্পষ্টভাৱে প্ৰমাণিত হল

প্ৰতিদিনে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তয়েদি শ শ গৰু এটা চক্ৰই চালনা কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া

লগতে পঢ়ক- প্ৰাক্তন কংগ্ৰেছী বিধায়ক মদন কলিতাৰ আকস্মিক মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply