প্ৰতিনিধিত্বমূলক ছবি

বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত প্ৰাক্তণ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ । চিবিআইয়ে আটক কৰিছে অশোক শইকীয়াক।


এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰীৰ গোচৰত আটক কৰিছে শইকীয়াক। এই সন্দৰ্ভত ২০২/৯৮ নম্বৰত পল্টন বজাৰ থানাত এক ৰুজু হৈছিল গোচৰ। এই গোচৰৰ তদন্তৰ দায়িত্ব ২০০১ত চিবিআই লৈ হস্তান্তৰ কৰা হৈছিল।


চিবিআই ৰ কলকাতা শাখাত ৫/ই/২০০১ আৰু ৬/ই/২০০১ নম্বৰত গোচৰ ৰুজু হৈছিল।
২০১৩চনত ৬/ই/২০০১ গোচৰত দোষী সাব্যস্ত হৈছিল অশোক শইকীয়া। ৯ নৱেম্বৰত হাজিৰ হ’ব লাগিব চিবিআইৰ বিশেষ আদালতত।


বেংকৰ বকেয়া ঋণ ২০১১ চনতে পৰিশোধ কৰিছো আৰু বেংকে এই বিষয়ত আদালতক জনোৱা নাছিল বুলি কয় অশোক শইকীয়াই। অশোক শইকীয়া প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ভাতৃ।

লগতে পঢ়ক-ঢকুৱাখনাত আতংকৰ সৃষ্টি কৰা গড়টোক উদ্ধাৰ বনবিভাগৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply