নিউজ ডেস্ক : ত ডিমাপুৰৰ দুই ভাতৃ-ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চি বি আই)-ক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে গৃহ মন্ত্ৰ্যালয়ে। যোৱা জুন মাহত হাৰিয়ানাৰ গুৰুগ্ৰামত ৰ’জ আৰু ছেমুৱেল চাংমাৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল।
উল্লেখযোগ্য যে যোৱা ২৪ জুনত গুৰুগ্ৰামৰ এখন হস্পিতালত ডিমাপুৰৰ ৰ’জ চাংমাৰ চিকিৎসকৰ অৱহেলাৰ ফলত মৃত্যু হৈছিল। জানিব পৰা মতে, চিকিৎসালয়খনৰ ICU-ত ভৰ্তি কৰোৱা সময়ত চিকিৎসকে তেওঁক আইচক্ৰীম খাবলৈ দিছিল।
এক বিশ্বস্ত সূত্ৰই ইষ্টম’জ’ক কয়, ‘অহা দুই এদিনতে গোচৰটো চি বি আইৰ হাতত গতাই দিয়া হ’ব।’
এই সপ্তাহত গৃহ মন্ত্ৰ্যালয়ৰ পৰা এক আনুষ্ঠানিক জাননী লাভ কৰাৰ পিছতে চি বি আইয়ে এখন এজাহাৰ ৰুজু কৰিব বুলি কেইগৰাকীমান শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।
হাৰিয়ানাৰ গুৰুগ্ৰামস্থিত আলফা হস্পিতালত এই ঘটনা সংঘটিত হৈছিল। উক্ত হস্পিতালখনত চিকিৎসাৰ বাবে ৰ’জক ভৰ্তি কৰোৱা হৈছিল। ICU-ত ৰ’জক চিকিৎসকে আইচক্ৰীম খাবলৈ দিছিল, এই গোটেই ঘটনা তেওঁৰ সম্পৰ্কীয় ভাতৃ ছেমুৱেল চাংমাই মোবাইলত ৰেক’ৰ্ড কৰি ৰাখে। পিছত এই ভিডিঅ’ ইণ্টানেটত ভাইৰেল হৈ পৰে।
লগতে পঢ়ক : ৰাজ্যত চলি থকা ড্ৰাগছৰ প্ৰসংগকলৈ সৰৱ বিধায়ক অখিল গগৈ
উক্ত ঘটনাৰ পিছদিনাই অৰ্থাৎ ২৫ জুনত ছেমুৱেলে আত্মহত্যা কৰে।
এই ঘটনাই উত্তৰ-পূবত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ৰাজনৈতিক নেতাৰ লগতে বিভিন্নজনে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায়। মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই উদ্বেগ ব্যক্ত কৰি দূৰ্ভগীয়া পৰিয়ালক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
মেঘালয়ৰ বিৰোধী নেতা মুকুল চাংমাই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰৰ জৰিয়তে বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছিল। ৰাজ্যখনৰ ৰাজ্যপাল সত্য পাল মালিকেও কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীলৈ পত্ৰৰ জৰিয়তে ভাতৃ-ভগ্নীদ্বয়ৰ পৰিয়াল কেইটাক ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনায়।
তেওঁলোকৰ উপৰি ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ মুখীয়াল তথা TIPRA দলৰ নেতা প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনেও ঘটনাটোত যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছিল। সামাজিক মাধ্যমত নেতাজনে অতি সোনকালেই উক্ত ৰহস্যজনক মৃত্যু প্ৰকৃত সত্য পোহৰলৈ আহিব লাগে বুলি দাবী জনাইছিল। এই সম্পৰ্কত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু হাৰিয়ানাৰ মুখ্য মন্ত্ৰীৰ সৈতে তেওঁ কথা পাতিব বুলিও নেতা গৰাকীয়ে কৈছিল।
ইংৰাজীত পঢ়ক : CBI to probe suspicious death of Dimapur’s Rosy & Samuel Sangma in Gurgaon