সম্প্ৰতি দেশত অব্যাহত থকা কৰ’ণা ভাইৰাছৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লয়।
দেশত ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আজিৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰ, চি বি এছ ইৰ সচিব মনোজ আহুজা, শিক্ষা মন্ত্ৰ্যালয়ৰ দুয়োজন সচিব উপস্থিত থাকে।
লগতে পঢ়ক : ক’ভিডৰ ফলত দেশৰ ১ কোটি লোকে হেৰুৱাইছে চাকৰি, ৯৭ শতাংশ পৰিয়ালৰ উপাৰ্জন হ্ৰাস
অৱশ্যে ক’ভিডত আক্ৰান্ত হৈ বৰ্তমান প’ষ্ট ক’ভিড জটিলতাৰ বাবে AIIMS-ত চিকিৎসাধীন হৈ থকাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখ্ৰিয়াল আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিব নোৱাৰিলে।
উল্লেখযোগ্য যে ক’ভিডৰ সংক্ৰমণৰ বাবে ১৪ এপ্ৰিলতেই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছিল।