প্ৰতিনিধিত্বমূলক ছবি

দেশত ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ৰখা চি বি এছ ই (CBSE)-এ এইবাৰ দ্বাদশ শ্ৰেণীৰ কেৱল গুৰু বিষয়বিলাকৰহে পৰীক্ষা অনুষ্ঠিত কৰা সম্ভাৱনা আছে।

দ্যা ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি চি বি এছ ই-এ দ্বাদশ শ্ৰেণীৰ গুৰু বিষয়সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা মন্ত্ৰ্যালয়ৰ ওচৰত দুটা বিকল্প প্ৰস্তাৱ কৰিছে।

বাতৰিটোৰ মতে, এই সম্পৰ্কে দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰী আৰু শিক্ষা সচিবসকলৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া বৈঠকত বিতংভাৱে আলোচনা কৰা হ’ব।

লগতে পঢ়ক : এইবাৰ ব্লেক ফাংগাছতকৈ বিপজ্জনক হুৱাইট ফাংগাছ; জানক কি কয় চিকিৎসকে

উল্লেখযোগ্য যে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীত মুঠ ১৭৪টা বিষয় আছে যদিও ইয়াৰে প্ৰায় ২০ টা বিষয়কহে গুৰু বিষয় হিচাপে ধৰা হয়। উক্ত বিষয়সমূহৰ ভিতৰত আছে- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, বিজনেছ ষ্টাডিচ, একাউণ্টেনচি, ভূগোলবিদ্যা, অৰ্থনীতি, ইংৰাজী ইত্যাদি।

চি বি এছ ইৰ এগৰাকী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰই ন্যূনতম ৫ টা আৰু সৰ্বাধিক ৬ টা বিষয় অধ্যয়ন কৰিব লাগে, ইয়াৰে চাৰিটা বিষয়ক গুৰু বিষয় হিচাপে ধৰা হয়।

কাইলৈ ৰাজনাথ সিঙৰ অধ্যক্ষতাত হ’ব লগীয়া আলোচনাত শিক্ষা মন্ত্ৰী ৰামেশ পোখৰিয়াল আৰু মহিলা আৰু শিশু উন্নয়ণ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণি উপস্থিত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,886 other subscribers

Leave a comment

Leave a Reply