মৰঙী নিলিমেশ দুৱৰা

মৰঙী : অসম চুক্তিৰ আধাৰত স্থাপিত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আচঁ‌নিৰ অধীনত মৰঙী মৌজাৰ আৰ্থিক ভাৱে পিচপৰা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ উন্নয়নৰ বাবে শোধনাগাৰটোৱে বিভিন্ন্য পদক্ষেপ লৈ আহিছে।

এই ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চশিক্ষাৰ বাবে শোধনাগাৰটোৱে “Super 30 Coaching” ৰ যোগেদি প্ৰশিক্ষণ দি নুমলীগড় তেল শোধনাগাৰৰ দিল্লী পাব্লিক স্কুলৰ দৰে উন্নত শিক্ষানুষ্ঠানত সৰ্ম্পূণ কৈ বিনামূলীয়া কৈ শিক্ষা গ্ৰহণৰ সুবিধা দি আহিছে শোধনাগাৰটোৱে।

ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সময়ত সৰ্বভাৰতীয় পৰ্য্যায়ৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা বুটলিবলৈ সক্ষম হৈছে।উল্লেখ্য যে “অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা “CEE 2021″পৰীক্ষাত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আচঁ‌নিৰ অধীনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকল অৱৰ্তীন হৈ এশ শতাংশই উৰ্ত্তীণ হবলৈ সক্ষম হয়।

CEE 2021 “ত মৰঙী নিলিমেশ দুৱৰাৰ দশম স্থান

উল্লেখ্য যে অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা CEE 2021 ত “Super 30 Coaching” ৰ যোগেদি প্ৰশিক্ষন প্ৰাপ্ত মৰঙীৰ নিলিমেশ দুৱৰাই অসমৰ ভিতৰত দশম স্থান দখল কৰি মৰঙীলৈ গৌৰৱ কঢ়িয়াই আনিছে।নিলিমেশ দুৱৰা মৰঙী দৈগ্ৰোংৰ নিৱাসী ৰতন দুৱৰাৰ পুত্ৰ ।

ছাত্ৰ জনৰ এই সফলতাই সমগ্ৰ মৰঙী অঞ্চলৰ লগতে শোধনাগাৰটোৰ C.S.R বিভাগ টোলৈ গৌৰৱ কঢ়িয়াই আনিছে।উল্লেখ্য যে ইয়াৰ আগতেও
“Super 30 Coaching” ৰ যোগেদি অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সৰ্বভাৰতীয় পৰীক্ষাত সফলতা বুটলিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক অসমত পুনৰ এখন টোলগেট বহুৱাবলৈ সাজু চৰকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply