নিউজ ডেস্কঃ শুকুৰবাৰে পুৱা ১০বজাৰ লগে লগে ঘোষণা হ’ল চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। শিক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল www.cbse.nic.in ৱেবচাইট যোগে লাভ কৰিব পাৰিব। এইবাৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৯৪.৫৪% আৰু তাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১.২৪%। ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৩.২৯% বেছি। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১৪,৩৫,৩৬৬গৰাকী শিক্ষাৰ্থী।
ফলাফল মতে এইবাৰ ৯৫%ৰ অধিক নম্বৰ লাভ কৰিছে ৩৩,০০০ শিক্ষাৰ্থীয়ে আৰু ৯০% ৰো অধিক নম্বৰ লাভ কৰিছে প্ৰায় ১.৩৪লাখ শিক্ষাৰ্থীয়ে। চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ২৬এপ্ৰিলৰ পৰা ১৫জুনলৈকে।
উল্লেখ্য যে, যোৱা বছৰতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ কম। ২০২১বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৯.৩৭% আৰু তাৰ বিপৰীতে এইবাৰ উত্তীৰ্ণৰ হাৰ ৯২.৭১।