ডিটেনচন কেম্প

নিউজ ডেস্ক: চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি থকা ডিটেনচন কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ অধীনত কোনো ব্যৱস্থা নাই৷ ৰাজ্যসভাত এই মন্তব্য কৰে কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰায়ে ৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চল প্রশাসনে অবৈধ প্রব্রজনকাৰী আৰু বিদেশীক আবদ্ধ কৰি ৰখাৰ বাবে ডিটেনচন কেন্দ্র স্থাপন কৰে৷

এই অবৈধ প্রব্রজনকাৰী আৰু বিদেশীৰ ভিতৰত যিসকলে বন্দিত্বৰ সময়সীমা অতিক্রম কৰে সেইসকলক ভ্রমণ তথ্যসহ আন তথ্য যুগুত কৰি তেওঁলোকৰ নিজ স্থানলৈ ওভতাই নপঠিওৱালৈকে কেন্দ্রটোত ৰখা হয়৷উচ্চতম ন্যায়ালয়ে ডিটেনচন কেম্পত ৰখা বিদেশী নাগৰিকৰ বন্দিত্বৰ সময় উকলি যোৱাৰ পিছত শীঘ্রে মুকলি কৰি দি আন কোনো সঠিক স্থানত ৰখাৰ লগতে প্রত্যর্পণলৈকে তেনে লোকৰ চলাচলত প্রতিবন্ধকতা ৰাখিবলৈ নির্দেশ দিয়া বুলিও ৰাজ্যিক গৃহমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

‘কা’ অনুসৰি চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা ধর্মীয় সংখ্যালঘু হিন্দু, শিখ, জৈন, বৌদ্ধ, পার্চী আৰু খ্রীষ্টিয়ানক নাগৰিকত্ব প্রদান কৰা হ’ব৷ আইন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতত প্রৱেশ কৰা উল্লেখিত ৬ ধর্মীয় সংখ্যালঘুৱে নাগৰিকত্ব লাভ কৰিব৷ ইপিনে, ‘কা’ আৰু এন আৰ চিৰ মাজত কোনো সম্পর্ক নাই বুলিও উচ্চ সদনত স্পষ্ট কৰি দিয়ে ৰাজ্যিক গৃহমন্ত্রীগৰাকীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply