কামৰূপ জিলাৰ বেজেৰা প্ৰেক্ষাগৃহত শস্য বীমা পলিচি প্ৰদান কৰাৰ বাবে অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা হৈছে কৃষকসকলে অতি কম প্ৰিমিয়ামৰ বিনিময়ত শস্য বীমা কৰিব পৰা এখন লাভদায়ক আঁচনি। শস্য সিঁচাৰ পৰা চপোৱালৈকে সকলো দিশ এই আঁচনিৰ অধীনত সামৰি লোৱা হয়।”।
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱাৰ মুহূৰ্তত বছৰ জোৰা কাৰ্যসূচীৰে পালন কৰি থকা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “মোৰ পলিচি মোৰ হাতত” শীর্ষক সজাগতা অভিযান গ্ৰহণ কৰা হৈছে যাতে কৃষকসকলে সহজতে বীমা পলিচি লাভ কৰাৰ উপৰি আঁচনিখনৰ বিষয়ে অধিক জ্ঞান লাভ কৰিব পাৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগ সম্পৰ্কেও প্ৰশাসনক অৱগত কৰিব পাৰে।
এই আঁচনিৰ অধীনত ৩ বছৰত ২৭ কোটি দাবী মঞ্জুৰী কৰা হৈছে আৰু ১০ কোটি কৃষক লাভান্বিত হৈছে বুলি উল্লেখ কৰি অসমৰ সকলো কৃষকক এই আঁচনিৰ সুবিধা ল’বলৈ তেওঁ আহ্বান জনায়। তেওঁ এই বীমা আঁচনিৰ অধীনত অধিক শস্য সামৰাৰ পদক্ষেপ ল’ব বুলিও কয়।
ভাষণ প্ৰসংগত তেলীয়ে আৰু কয় যে গৃহিনীসকলৰ সুবিধাৰ্থে আৰু চিলিণ্ডাৰৰ বিস্ফোৰণ নোহোৱা কৰিবলৈ এতিয়া গেছ চিলিণ্ডাৰসমূহ ফাইবাৰেৰে প্ৰস্তুত কৰা হৈছে। ইয়াৰ ফলত এহাতে ইয়াৰ ওজন কমিব আৰু স্বচ্ছতাৰ বাবে গেছৰ খৰচৰ পৰিমাণ জানিব পাৰিব। তদুপৰি কম দিনতে গেছ পাইপলাইনৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে শ্ৰমিকসকলৰ সুবিধাৰ্থে আয়কৰ দিব নলগা বা পিপিএফ নথকা সকলো কম আয়ৰ লোককে ই-শ্ৰম কাৰ্ড লবলৈও তেওঁ আহ্বান জনায়। তেওঁ কয় যে এই কাৰ্ডৰ লগত প্ৰধান মন্ত্ৰী শ্ৰম যোগী মানধন যোজনা সংযোজিত কৰি শ্ৰমিকসকলক ৬০ বছৰ পিছত ৩০০০ টকাকৈ পেন্সন দিয়াৰ ব্যৱস্থা আছে। তদুপৰি কাৰ্ড থকা ব্যক্তিগৰাকীৰ মৃত্যুত পৰিয়ালৰ লোকে ২ লাখ টকা লাভ কৰিব পাৰে আৰু আহত হলে ১ লাখ টকা লাভ কৰে।
প্ৰসংগক্ৰমে ইথানলৰ ব্যৱহাৰৰ বাবে যান-বাহনৰ কোনো ক্ষতি নহয় বুলি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান জনায়।
সভাত ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাতিৰ্ক এন আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই সকলো কৃষককে আঁচনিখনৰ সুবিধা ল’বলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে দেশৰ কৃষকসকলৰ উন্নতি সুনিশ্চিত কৰাৰ বাবে ২০১৬ চনত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাখন গ্ৰহণ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ, কীট-পতংগ বা আন বেমাৰৰ দ্বাৰা পীডিত খেতিৰ বাবে কৃষকসকলে সন্মুখীন হোৱা লোকচানৰ ক্ষতিপূৰণ দিয়া হয়। আঁচনিখনৰ অধীনত ২০২১-২২ বৰ্ষৰ Summer Crop (বড়ো ধানৰ) ক্ষেত্ৰত এইবাৰ কামৰূপত ৪৮,০৮৪ গৰাকী কৃষকে এই বীমা গ্ৰহণ কৰিছে। বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিনিখন গাওঁ পঞ্চায়তৰ ৪৭২ গৰাকী হিতাধিকাৰীক এই বীমা পলিচি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাবীৰ ৰাহুল সুৰেশ, কামৰূপৰ সদৰ মহকুমাধিপতি মুনমী কলিতা, মন্ত্ৰী তেলীৰ বিশেষ কৰ্তব্যৰত বিষয়া দেৱাশীষ ডেকাৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল আৰু বেজেৰা অঞ্চলৰ কৃষকসকল উপস্থিত থাকে।