গুৱাহাটী : আপোন মানুহৰ সৈতে একাপ চাহৰ জুতি ললে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শনিবাৰে পুৱাৰ ভাগত শিলপুখুৰীত একাপ চাহৰ জুতি ললে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। “গান্ধী জয়ন্তী”ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত সতীৰ্থ কাৰ্যকৰ্তাসকলৰ সৈতে সমীপৰ এখন দোকানত চাহৰ জুতি লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দীপক দাস আৰু দেৱী দাস নামৰ দম্পতীৰ সুন্দৰকৈ আপ্যায়ন কৰা চাহৰ জুতিৰ মাজতে তেওঁলোকৰ সৈতে কথা-বতৰা পাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। “গান্ধী জয়ন্তী” উপলক্ষে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা অসমৰ ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ঐতিহাসিক শিলপুখুৰীত এক স্বচ্ছতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক :  বিহাৰত অপহৰণ হোৱা নাবালিকা অসমত উদ্ধাৰ

ভাৰতীয় জনতা পাৰ্টি, পূব গুৱাহাটী মণ্ডলৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়া, পূব গুৱাহাটী মণ্ডলৰ সভাপতি অমিয় শৰ্মা প্ৰমুখ্যে দলৰ বহু কাৰ্যকৰ্তা আৰু সতীৰ্থসকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। গান্ধীজীৰ মানৱতাবোধ, অহিংসা নীতি আৰু বিস্তৃত জীৱন পৰিক্ৰমাই সমগ্ৰ বিশ্ববাসীক সদায়ে অনুপ্ৰাণিত কৰি যাব বুলি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply