নিউজ ডেস্ক : নাগালেণ্ডত অসম ৰাইফলছৰ হাতত ১৪ গৰাকীকৈ নিৰীহ লোকে মৃত্যুক সাবটি লোৱাৰ পিছত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA সন্দৰ্ভত সৰ্বত্ৰে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নাগালেণ্ড আৰু মেঘালয় চৰকাৰে স্পষ্টভাৱে আইনখন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কোনো স্পষ্ট মতামত প্ৰকাশ কৰা নাই যদিও অসমত এতিয়াও AFSPA-ৰ দৰে আইনৰ প্ৰয়োজনীয়তা আছে বুলি কয়।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ তেওঁ কয়, ‘তেওঁলোকৰ বিৰোধিতা বা সমৰ্থন কৰিছে সেইটো তেওঁলোকৰ ৰাজ্যৰ পৰিপ্ৰেক্ষিতত, কিন্তু অসমত যেতিয়ালৈকে সশস্ত্ৰ সংগঠন থাকিব কিবা কিবা নহয় আইন আৰক্ষী বা সেনাক লাগিব যাতে তেওঁলোকে অভিযান চলাব পাৰে।’
‘AFSPA অসমত প্ৰয়োজনীয়তা আছে নে নাই প্ৰতি ৬ মাহে তাক আমি পৰ্য্যালোচনা কৰি সিদ্ধান্ত ল’ম,’ তেওঁ লগতে কয়।
নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’য়ে আইখনৰ প্ৰত্যাহাৰৰ দাবী তুলি ‘নাগালেণ্ড আৰু নাগা মানুহে সদায় AFSPA -ৰ বিৰোধিতা কৰি আহিছে’ বুলি টুইট কৰিছিল।
তেওঁৰ উপৰি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইটাৰ যোগে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী তোলে। উল্লেখযোগ্য যে নাগালেণ্ডৰ এন ডি পি পি চৰকাৰ আৰু কনৰাড চাংমা নেতৃত্বাধীন মেঘালয়ৰ এন পি পি দল বিজেপিৰ সহযোগী দল।
আনহাতে নাগালেণ্ডৰ উক্ত ঘটনাক লৈ আজি সদনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চৰকাৰৰ হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘটনাত দুখ প্ৰকাশ কৰাৰ বিপৰীতে বিৰোধীয়ে চৰকাৰক
উক্ত পৰিস্থিতিৰ বাবে চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়।
লোকসভাত দিয়া চমু বিবৃতিত অমিত শ্বাহে কয়, ‘সেনাই নাগালেণ্ডৰ মনত উগ্ৰপন্থীৰ সম্ভাৱ্য উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল। ইয়াৰ ভিত্তিত, ২১ জন কমাণ্ডোৱে এলেকাটোত এটা আক্ৰমণ চলাইছিল। তাত উপস্থিত হোৱা এখন বাহন ৰ’বলৈ ইংগিত দিয়া হৈছিল কিন্তু ই পলাই যাবলৈ চেষ্টা কৰাত উগ্ৰপন্থী থকা বুলি সন্দেহ কৰি বাহনখনৰ ওপৰত গুলী চালনা কৰা হৈছিল।’
‘সেনাৰ আক্ৰমণত বাহনখনত থকা আঠ গৰাকী লোকৰ ভিতৰত ছয়জনৰ মৃত্যু হৈছিল। পিছত এইটো পৰিচয় বিভ্ৰান্তিৰ ঘটনা আছিল বুলি জনা যায় আৰু আহত দুজনক সেনাই ওচৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰত ভৰ্তি কৰাইছিল,’ তেওঁ লগতে কয়।
বুলি উল্লেখ কৰি গৃহ মন্ত্ৰী গৰাকীয়ে উক্ত ঘটনাটো এইটো পৰিচয় বিভ্ৰান্তিৰ ঘটনা আছিল। আঘাতপ্ৰাপ্ত দুজনক সুৰক্ষা বাহিনীয়ে ওচৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰলৈ লৈ গৈছিল,” তেওঁ কয়।
লগতে পঢ়ক : গীতনগৰ থানাৰ গোচৰত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে