নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেল আৰু ঘৰুৱা গেচ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। কেন্দ্ৰীয় চৰকাৰে ইন্ধন আৰু ৰন্ধন গেচৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
শনিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই সম্পৰ্কে এটা টুইট কৰে। টুইটাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখিছে- ‘আমি পেট্ৰ’লৰ ক্ষেত্ৰত কেন্দ্ৰীয় উৎপাদন শুল্ক প্ৰতি লিটাৰত ৮ টকা, ডিজেলৰ প্ৰতিলিটাৰত ৬ টকা হ্ৰাস কৰিবলৈ লৈছো। ইয়াৰ পাছতে পেট্ৰ’লৰ প্ৰতি লিটাৰৰ মূল্য ৯.৫ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৭ টকাকৈ হ্ৰাস পাব।’
লগতে ঘৰুৱা ৰন্ধন গেচৰ সন্দৰ্ভত তেওঁ কয়- ‘এই বৰ্ষত প্ৰধানমন্ত্ৰী উজ্বলা যোঁজনাৰ অধীনত ৯ কোটি অধিক লোকক প্ৰতিটো গেচ চিলিণ্ডাৰত ২০০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰিম। ইয়াৰ দ্বাৰা আমাৰ মা আৰু ভনী সকলৰ সুবিধা হ’ব।’