নিউজ ডেস্ক : ১৮ বছৰৰ ওপৰৰ সকলো লোকৰ টীকাকৰণৰ বাবে অহা ২১ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ বিনামূলীয়া প্ৰতিষেধক যোগান ধৰিব।
সোমবাৰে এই কথা উল্লেখ কৰি প্ৰধান মন্ত্ৰী গৰাকীয়ে জনাই যে অনাগত দিনত দেশত ভেকচিনৰ যোগান যথেষ্ট বৃদ্ধি পাব।
কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰস্তুতকৰ্তাসকলৰ পৰা ৭৫ শতাংশ ভেকচিন ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে বুলি প্ৰধান মন্ত্ৰীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক : বন বিভাগৰ হিচাপত বাঘজান কাণ্ডৰ পৰিৱেশৰ ওপৰত পৰা ক্ষতিৰ পৰিমাণ ২৫,০০০ কোটি টকাতকৈ অধিক
২১ জুনৰ যোগ দিৱসৰ পৰাই কেন্দ্ৰই এই সিদ্ধান্ত কাৰ্যকৰী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখ্য ১ মে’ৰ পৰা ৰাজ্য চৰকাৰসমূহক ২৫ শতাংশকৈ ভেকচিন প্ৰদান কৰি থকা হৈছে।
১৮-৪৪ বছৰৰ লোকসকলে ইচ্ছা কৰিলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো ভেকচিন ল’ব পাৰিব । ইয়াৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ১৫০ টকাকৈ ল’ব পাৰিব।