নিউজ ডেস্ক: চলিত মাহৰ ভিতৰতে ৰাজ্যখনত থকা আদিবাসী সম্প্ৰদায়ৰ উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে কেন্দ্ৰ চৰকাৰে এক শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

মঙলবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

আজি কোকঝাৰত অনুষ্ঠিত এক কেবিনেট বৈঠকৰ পিছতে অনুষ্ঠিত সংবাদমেলত মুখ্য মন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাজ্যজুৰি ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ পিছত প্ৰায় ৫০ লাখ হিতাধিকাৰীৰ ব্যৱধান বিচাৰি পাইছে।

“কেন্দ্ৰীয় চৰকাৰে এই মাহৰ ভিতৰত অসমৰ আদিবাসী সম্প্ৰদায়ৰ উগ্ৰপন্থী গোটসমূহৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে,” শৰ্মাই কয়।

এই সম্পৰ্কে মুখ্য মন্ত্ৰীয়ে অধিক একো কথা জনোৱা নাই যদিও সমগ্ৰ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত আগবঢ়াই নিয়া হৈছে বুলি জানিবলৈ দিয়ে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা পি টি আইক জনোৱা মতে চৰকাৰে পাঁচটা উগ্ৰপন্থী গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

এই গোটসমূহ হৈছে সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি সেনা, আদিবাসী কোবৰা মিলিটেন্ট অৱ আছাম, বিৰচা কমাণ্ডো ফৰ্চ, চাওঁতাল টাইগাৰ ফৰ্চ আৰু আদিবাসী পিপলছ আৰ্মী।

“অভিযান স্থগিত ৰখাৰ ঘোষণা কৰাৰ পিছত এই গোটবোৰ বহু বছৰ ধৰি যুদ্ধবিৰতিত আছে। উক্ত গোটসমূহৰ কেডাৰসকলে আৰক্ষীৰ সুৰক্ষাত ডেজিগনেটেড শিবিৰত বাস কৰে,” বিষয়াজনে কয়।

লগতে পঢ়ক – Rubaru Mr. India 2022ৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ ধৃতিমান তালুকদাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply